বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস : পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত দীক্ষান্ত সমাৰোহ : প্ৰশিক্ষণ সামৰিলে প্ৰথম গোটৰ ৯৭ জন পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কে :

বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস  : পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত দীক্ষান্ত সমাৰোহ :  প্ৰশিক্ষণ সামৰিলে প্ৰথম গোটৰ ৯৭ জন পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কে :
Aiidesh photo

বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস  : পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত দীক্ষান্ত সমাৰোহ :  প্ৰশিক্ষণ সামৰিলে প্ৰথম গোটৰ ৯৭ জন পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কে : 

Aiidesh News :  26 May 2023 : 

বোকাখাতত থকা পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ত প্ৰশিক্ষন গ্ৰহন  কৰা পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ প্ৰথমটো দলৰ আজি দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয় ৷ পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সমাৰোহত বিগত শিক্ষাবৰ্ষত এবছৰীয়া প্ৰশিক্ষণ গ্ৰহন কৰা সমুহ  পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কৰ লগতে বিদ্যালয়ৰ সমুহ কৰ্মকৰ্তাও উপস্থিত থাকে ৷ 

বোকাখাতৰ শৈক্ষিক ক্ষেত্ৰত নতুন ইতিহাস ৰচনা কৰি নৱ নিৰ্মিত বোকাখাতৰ  পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ৰ আজি প্ৰথমটো শিক্ষা বৰ্ষৰ সামৰণি পৰে ৷ বিদ্যালয়খন প্ৰথমটো দলত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মুঠ ৯৭ গৰাকী পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কক আছিল ৷  ইয়াৰে ১২ গৰাকী মহিলা আৰু ৮৫ গৰাকী পুৰুষ  প্ৰশিক্ষাৰ্থী ৷

বোকাখাতৰ  পশুপালন আৰু পশু চিকিৎসা বিজ্ঞান বিদ্যালয়ৰ অধ্যক্ষ তথা পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক ডা৹ দিপক দৰৱধৰাৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত পশু চিকিৎসা বিভাগৰ অৱসৰ প্ৰাপ্ত যুটীয়া সঞ্চালক ডা৹ ৰবীন শইকীয়া,  অৱসৰ প্ৰাপ্ত জিলা পশু চিকিৎসক ডা৹ ৰঞ্জিত বৰা, বোকাখাত প্ৰেছ ক্লাবৰ সম্পাদক উত্তম শইকীয়া,  জেষ্ঠ সাংবাদিক প্ৰদীপ বৰা আৰু সুদীপ্ত তামুলী, বোকাখাতৰ মহকুমা পশু চিকিৎসক ডা৹ দেৱব্ৰত ফুকন, জেষ্ঠ পশু চিকিৎসক বিশ্বজিত বৰুৱা,  ডা৹ পম্পী দেউৰী,ডা৹ জুতিমালিতা ৰয়, বিশিষ্ট নাগৰিক শংকৰ সেনাপতিৰ উপৰিও ভীৰভেক নামৰ ঔষধ প্ৰতিষ্ঠানৰ প্ৰতিনিধিও উপস্থিত থাকে ৷

অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰথম দলৰ ৯৭ গৰাকী পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়কে গীত নৃত্য আৰু কবিতা আবৃতিৰে অনুষ্ঠানো জীপাল কৰি তোলে ৷ চাকৰিৰ জীৱনত সততা আৰু নিষ্ঠাৰে সেৱা আগবঢ়াই একোজনকৈ সফল পশু চিকিৎসাৰ ক্ষেত্ৰ সহায়ক হবলৈ উপস্থিত সকলোয়ে ক্ষেত্ৰ সহায়ক সকলক আহ্বান জনায় ৷

********