কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা মাছ, ভেকুলী আৰু সৰীসৃপৰ ওপৰত কৰা সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ :
Aiidesh News : 7 November ‐ 2025 :
কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ তৃৰ্ণভুমিৰ লগতে থকা জলাশয়, বিল, নদী আৰু আৰ্দ্ৰভুমিত বিভিন্ন প্ৰজাতিৰ থলুৱা মাছ, ভেকুলী আৰু সৰীসৃপৰ এক সমৃদ্ধশালী উপস্থিতি দেখিবলৈ পোৱা যায় । ২০২৫ চনৰ জুলাই মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে ডেৰাডুনত থকা ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষক সকলৰ সহযোগত কাজিৰঙা উদ্যান কৰ্তৃপক্ষই চলোৱা এক বিশেষ সমীক্ষাত ৰাষ্ট্ৰীয় উদ্যানখনত ৭৭ টা প্ৰজাতিৰ মাছৰ উপস্থিতি পোৱা গৈছে । এই সংখ্যা অসমত পোৱা ২১৬ টা থলুৱা প্ৰজাতিৰ মাছ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৪২২ টা থলুৱা প্ৰজাতিৰ মাছৰ ভিতৰত অন্যতম বুলি বিবেচিত হৈছে । এই সমীক্ষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০৮ টা প্ৰজাতিৰ উভচৰ প্ৰাণী আৰু সৰীসৃপৰ তথ্যও প্ৰকাশ পাইছে | উভচৰ প্ৰাণীৰ প্ৰজাতিৰ ক্ষেত্ৰত উত্তৰ-পূব ভাৰতৰ ২৭৪ প্ৰজাতিৰ উভচৰৰ প্ৰাণীৰ ৫০ শতাংশৰো অধিক প্ৰজাতি কাজিৰঙাতে পোৱা বুলিও সমীক্ষাত প্ৰকাশ পাইছে ।
সদ্য প্ৰকাশিত এই সমীক্ষা মতে থলুৱা প্ৰজাতিৰ মাছ আৰু উভচৰ প্ৰাণীৰ বৈচিত্ৰময় উপস্থিতিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক এই প্ৰজাতিবোৰৰ এক প্ৰাচীন বাসস্থান বুলি প্ৰমানিত কৰিছে । কাজিৰঙাত চলোৱা থলুৱা মাছ আৰু উভচৰ প্ৰাণীৰ বিশেষ সমীক্ষাৰ প্ৰতিবেদন প্ৰকাশ কৰি আজি এক প্ৰেছ বিবৃত্তিৰে এই মন্তব্য কৰিছে কাজিৰঙাৰ সঞ্চালক ড০ সোনালী ঘোষে । সঞ্চালক গৰাকীৰ মতে উভচৰ প্ৰাণী আৰু সৰীসৃপৰ এই বৈচিত্ৰ্যময় সমাহাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুস্থ পৰিৱেশ তন্ত্ৰ, নিৰ্মল পৰিবেশ আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ সঠিক পাৰিপাৰ্শ্বিক ভাৰসাম্যক প্ৰমানিত কৰিছে ।
উল্লেখ্য যে অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা ২ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰাত এক বিভাগীয় অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বাৰ্ষিক প্ৰতিবেদন আৰু ড০ তাপতী বৰুৱা কাশ্যপৰ কবিতা সংকলন লগতে কাজিৰঙাৰ মাছ, ভেকুলী আৰু সৰীসৃপ প্ৰজাতিৰ বৈচিত্ৰ্যৰ সম্পৰ্কত চলোৱা সমীক্ষাৰ প্ৰতিবেদনো উন্মোচন কৰে ।
শেষতীয়া এই প্ৰতিবেদন মতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত উত্তৰ-পূৰ্বাঞ্চলত পোৱা ২৭৪ টা প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপৰ ভিতৰত ১০৮ প্ৰজাতিয়ে পোৱাতো অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হৈছে । প্ৰকাশিত সমীক্ষা মতে কাজিৰঙাত মুঠ ১৮ বৰ্গৰ ৪৪ টা থলুৱা প্ৰজাতিৰ মাছ পোৱা । গৈছে ইয়াৰ ভিতৰত চাইপ্ৰিনিডি আৰু ডেনিঅ'নিডি গোত্ৰৰ মাছ অন্যতম । সমীক্ষা মতে কাজিৰঙাত মাছৰ পুষ্টি চক্ৰ, খাদ্যৰ প্ৰচুৰ্যতা আৰু মাছৰ সঠিক বাসস্থানো আছে । ইয়াৰ বাবেই মাছক খাদ্য হিচাবে গ্ৰহন কৰা উদৰ কেইবাটাও প্ৰজাতি,মেচেকাৰ দৰে প্ৰাণীৰ উপৰিও বহু প্ৰজাতিৰ জলচৰ চৰাইও দেখিবলৈ পোৱা যায় । ইফালে এই সমীক্ষাৰ প্ৰতিবেদনৰ তথ্য মতে ৰাষ্ট্ৰীয় উদ্যানখনত সৰীসৃপ প্ৰজাতিৰ সংখ্যা পুৰ্বৰ তথ্যৰে ১০৮ টা প্ৰজাতি পোৱা গৈছে । ইয়াৰ ভিতৰত ৰজা ফেটী, আচাম ৰুফ টাৰটল, এচিয়ান ব্ৰাউন ট’ৰটইজ, ষ্ট্ৰাইপড ক’চেলিয়ান আদি অন্যতম ।
**********







