কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ম'হৰ আক্ৰমনত এজন বনকৰ্মী আহত : বনকৰ্মীৰ গুলীত ম'হৰ মৃত্যু :

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলত ম'হৰ আক্ৰমনত এজন বনকৰ্মী আহত :  বনকৰ্মীৰ গুলীত ম'হৰ মৃত্যু  :
Aiidesh Photo

Aiidesh News :  22 January 2024  :

বিগত কিছুদিন ধৰি বোকাখাতৰ ধানবাৰী অঞ্চলত ত্ৰাসৰ সৃষ্টি কৰি থকা এটা বনৰীয়া ম'হৰ আক্ৰমনত ২১ জানুৱাৰী পুৱা অগৰাতলি বনাঞ্চলৰ বনকৰ্মী উজ্বল বৰা গুৰুত্বৰ ভাৱে আহত হয় ৷ উজ্বল বৰা অগৰাতলি ভ্ৰাসমান বনশিৱিৰ তথা হাতীমুৰা নামৰ যন্ত্ৰ চালিত নাওঁৰ বনকৰ্মী ৷ প্ৰাপ্য তথ্যমতে অঞ্চলটোত উগ্ৰ হৈ ঘুৰি ফুৰা ম'হটোৰ সম্পৰ্কত স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত বনাঞ্চলিক বিষয়াই ম'হটোক নিৰীক্ষণৰ বাবে অগৰাতলি বনাঞ্চলৰ হাতীমুৰা আৰু লীলা নামৰ যন্ত্ৰচালিত নাওঁৰ বনকৰ্মী উজ্বল বৰা, টংকেশ্বৰ পায়েং, ধানবাৰী বনশিৱিৰৰ সিদ্ধাৰ্থ লাংথাচাৰ আৰু ম’হখুটি বন শিৱিৰ উজ্বল চুতীয়াক  ধানবাৰীলৈ প্ৰেৰণ কৰে ৷ বনকৰ্মীৰ দলে চলোৱা অভিযানৰ সময়ত বনৰীয়া ম'হটোক ধানবাৰী অঞ্চলৰ পৰা বনাঞ্চললৈ খেদি পঠাবলৈ চলোৱা প্ৰচেষ্টাৰ সময়ত বনৰীয়া ম'হটোয়ে বনকৰ্মী উজ্বল বৰাক খেদি আহি শিঙেৰে ওপৰলৈ উঠায় মাটিত পেলায় আক্ৰমন কৰে ৷ উজ্বল বৰাক বচাৰ বাবে চলোৱা বনকৰ্মীৰ গুলীত বনৰীয়া ম'হটোৰ ঘটনাস্থলীতে মৃত্যু হয় ৷ 

ম'হৰ আক্ৰমনত গুৰুত্বৰ ভাৱে আহত হোৱা উজ্বল বৰাক লগৰ বনকৰ্মী সকলে ততাতৈয়াকৈ বোকাখাত অসামৰিক চিকিৎসালয়লৈ আনে ৷ বোকাখাতত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি আহত উজ্বল বৰাক উচ্চ চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷

********