বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভুমি দিৱস উদযাপন :

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব আৰ্দ্ৰভুমি দিৱস উদযাপন  :
Aiidesh photo

Aiidesh News : 02 February  :

সমগ্ৰ বিশ্বৰ লগতে আজি বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলতো আজি বিশ্ব আৰ্দ্ৰভুমি দিৱস পালন কৰা হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় তিনিখন মহাবিদ্যালয় ক্ৰমে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়, চি এন বি মহাবিদ্যালয় আৰু কাজিৰঙাৰ চৰকাৰী আৰ্দশ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু ৫ গৰাকী শিক্ষক শিক্ষয়ত্ৰীয়ে অংশ গ্ৰহন কৰে ৷ বিশ্ব আৰ্দ্ৰভুমি দিৱসৰ লগত সংগতি ৰাখি পুৱাতেই ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ পুৱ বনাঞ্চল অগৰাতলিৰ চহলা বিলৰ পাৰলৈ লৈ যোৱা হয় ৷ অনুষ্ঠানত গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মাই কাজিৰঙাৰ অতি গুৰুত্বপুৰ্ণ বুলি বেবেচিত চহলা বিলৰ পাৰত ছাত্ৰ ছাত্ৰী সকলক কাজিৰঙাৰ আৰ্দ্ৰভুমি , ইয়াৰ সংৰক্ষণ আৰু গুৰুত্বৰ বিষয়ে তথ্যসহ বাখ্যা কৰা হয় ৷ 

কাজিৰঙাৰ ডি এফ অ' ৰমেশ কুমাৰ গগৈয়ে আদৰণী ভাষণেৰে আৰম্ভ কৰা এই অনুষ্ঠানত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ,  গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, উপ বন সংৰক্ষক খৰ্গসিং ডেকাৰজা, প্ৰদীপ কুমাৰ বাৰ্মা, সহকাৰী বন সংৰক্ষক নয়নজ্যোতি ৰাজবংশীৰ উপৰিও বনাঞ্চলিক বিষয়া আৰু বনকৰ্মী সকলৰ উপৰিও স্থানীয় সাংবাদিক সকলেও অংশ গ্ৰহন কৰে ৷ 

পৰৱৰ্তী সময়ত অগৰাতলি ৰিজৰ্টত আয়োজিত মতবিনিময় অনুষ্ঠানত অগৰাতলিৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰাই সচিত্ৰ উপস্থাপনেৰে আৰ্দ্ৰভুমিৰ ওপৰত বাখ্যা কৰে ৷ আলোচনাত সঞ্চালক পি শিৱকুমাৰ, ডি এফ অ' ৰমেশ কুমাৰ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অধ্যাপক মতিৰাম দাস, অধ্যপক সঞ্জীৱ বৰা, ফাল্গুন চেতিয়া, ড৹ পৰিমিতা খাকলাৰী চয়নিকা বৰা আৰু ছাত্ৰ ছাত্ৰীয়েও অংশ গ্ৰহন কৰে ৷

উত্তম শইকীয়াই আঁত ধৰা অনুষ্ঠানত প্ৰকৃতি সংগঠন আৰণ্যক,  বিশ্ব প্ৰকৃতি নিধি, কৰবেট ফাইণ্ডেচন, ভুমি আৰু ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানৰ  সদস্য সকলে অংশগ্ৰহন কৰাৰ লগতে সহযোগিতাও আগবঢ়ায় ৷

*******