মৰিয়নী গাভৰু গণ হত্যাকাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ

মৰিয়নী গাভৰু গণ হত্যাকাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ

 যোৰহাটঃ মৰিয়নীৰ গাভৰু চাহ বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত আজিলৈকে  মুঠ ১১ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । তাৰে  ৭ জন অভিযুক্তক আজি আৰক্ষীয়ে তিতাবৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত সাজিৰ কৰোৱাই যোৰহাট কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। কিন্তু তিনি জনক আৰক্ষীয়ে নিজৰ জিম্মালৈ নি জেৰা চলাই আছে ।  মৰিয়নী গণপ্ৰহাৰৰ লগত জড়িত ধৃত অভিযুক্ত  ক্ৰমে সুনিল চবৰ,ৰাজেন চাওৰা,ৰমেশ চবৰ,পিন্টু নায়ক,ভাইকন বৰা,দীপক চাঁওৰা,আৰু বিকাশ তাচা ।

তাৰ সমান্তৰালভাৱে ৰাধেশ্যাম কুৰ্মী,অশোক তাচা আৰু চচিন তাচাক ন্যায়লয়ে তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰে৷ তাৰ লগতে গাভৰু চাহ বাগিছাৰ ঘটনাক সামাজিক মাধ্যমত পৰোচনা মুলক পষ্ট দিয়া নাগিনীজান চাহ বাগিচাৰ  দীপজ্যোতি নায়ক (নিতেশ)নামৰ  যুৱক জনক আৰক্ষীয়ে ইতিমধ্যে  জেললৈ প্ৰেৰণ কৰিছে  ৷গাভৰু চাহ বাগিচাৰ গণ হত্যাৰ ঘটনাত জড়িত অভিযুক্তক  কৰায়ত্ত কৰিবলৈ মৰিয়নী চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়া অৰ্মীত হোজাই নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে তিনিটাকৈ ৰাতি অভিযান চলায়  ১১ জন অভিযুক্তক  আতক কৰিবলৈ সক্ষম হয় যদিও এই পৰ্যন্ত ঘটনাৰ লগত জড়িত আৰু কেইবাজনো অভিযুক্ত  মুকলি আকাশৰ তলত ঘূৰি  আছে। অৱশ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে । আৰু গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে ।

আনহাতে সোমবাৰে বিভিন্ন দল সংগঠনৰ প্রতিনিধিবৰ্গ উপস্থিত হৈছিল । লগতে আলোচনা পন্থীৰ আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু জিতেন দত্তই মৃত যুৱকজনৰ ঘৰত উপস্থিত হৈ এই ঘটনাৰ গৰিহণা দিয়ে । লগতে কয় যে বিগত সময়ত চাহ বাগিচাৰ লোকসকলৰ ভিতৰৰ এনে এচাম লোকে কেইবাটাও ঘটনা সংঘটিত কৰিলে । এইটো অতি চিন্তনীয় বিষয় । এই সন্দৰ্ভত আৰু মনে মনে থাকিব নোৱাৰি বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । আনহাতে আজি নকছাৰী অঞ্চলত আছুকে ধৰি কেইবাটাও সংগঠনে বন্তি প্ৰজ্বলন কৰে ।