ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ , প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা :

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ , প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা  :
Aiidesh Photo
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ , প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা  :
ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ , প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা  :

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ , প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক কৰ্মশালা  : 

Aiidesh News  :  19 April 2023  : 

বিশ্বৰ আগশাৰীৰ অনুষ্ঠান ডেভিড শ্বেফাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যনৰ সহযোগত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ, ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু আৰণ্যক ৰ উদ্যোগত ১৮ এপ্ৰিলত ওৰাং ৰাষ্ট্ৰীয় উদ্যানত “বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ, প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক এক বিশেষ কৰ্মশালা অনুষ্ঠিত হয় ৷ কৰ্মশালাত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সঞ্জয় কুমাৰ মেধিয়ে বন্যপ্ৰাণীৰ অংগ  মানুহৰ বাবে উপকাৰী বুলি প্ৰচলিত অন্ধ বিশ্বাস নিৰ্মূল কৰাৰ বাবে সৰ্ব সাধাৰণ ৰাইজ আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত ব্যাপক সজাগতাৰ সৃষ্টি কৰিবৰ বাবে সকলোকে আহ্বান জনায় ৷ 

“বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ : প্ৰত্যাহ্বান আৰু সুযোগ” শীৰ্ষক এই  কৰ্মশালাত ভাষণ প্ৰদান কৰি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠক আৰু সঞ্জয় কুমাৰ মেধিয়ে বন বিভাগ, আৰক্ষী আৰু শুল্ক আদিৰ দৰে তদন্তকাৰী বিভাগ সমূহক বন্যপ্ৰাণী (সুৰক্ষা) সংশোধনী আইন ২০২২ৰ ব্যৱস্থা সমূহৰ বিষয়ে ভালদৰে অৱগত হোৱাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷ এনে ব্যৱস্থাই উল্লেখিত বিভাগ সমুহক বন্যপ্ৰাণী অপৰাধৰ গোচৰত অভিযুক্তক দোষী সাব্যস্ত কৰাৰ হাৰ বৃদ্ধি কৰাত সহায় কৰিব বুলি অৱগত কৰে ৷ দুয়ো গৰাকী ন্যায়াধীশেই বন্যপ্ৰাণীৰ অংগ বিষয়ক লোকবিশ্বাস নিৰ্মূল কৰিবলৈ ব্যাপক সজাগতা অভিযান আৰম্ভ কৰাৰ বাবে এক সমন্বিত প্ৰচেষ্টা চলোৱাত বিশেষ গুৰুত্ব আৰোপ কৰে লগতে সমাজত এই সামগ্ৰী সমূহৰ চাহিদা হ্ৰাস কৰাৰ বাবে ব্যৱস্থা গ্ৰহনৰ বাবেও সকলোকে আহ্বান জনায় ৷ 

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কৰ্মশালাখনত অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণ সদস্য সচিব নয়ন শংকৰ বৰুৱাই বন্যপ্ৰাণী (সুৰক্ষা) আইনখনৰ ব্যৱস্থাৱলী আৰু বন্যপ্ৰাণী অপৰাধৰ গোচৰৰ ক্ষেত্ৰত তদন্তকাৰী সংস্থাসমূহে অৱলম্বন কৰিবলগীয়া উপযুক্ত পদ্ধতিৰ বিষয়ে বিতংভাৱে উল্লেখ কৰে ।

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সংমণ্ডল বন বিষয়া প্ৰদীপ্ত বৰুৱা প্ৰমুখ্যে বহু বিশিষ্টজনে উপস্থিত থকা কৰ্মশালাখনত প্ৰখ্যত বন্যপ্ৰাণী সংৰক্ষণ বিশেষজ্ঞ, আৰণ্যকৰ সচিব প্ৰধান তথা মুখ্য কাৰ্যবাহী বিষয়া ড০ বিভৱ কুমাৰ তালুকদাৰে বিশ্বত সৰ্বত্ৰে চনি ধৰা বন্যপ্ৰাণী অপৰাধৰ দৃশ্যপটৰ ওপৰত বিশেষ ভাৱে আলোকপাত কৰে ।

কৰ্মশালাত ড০ বিভৱ কুমাৰ তালুকদাৰে ড্ৰাগছ, মানৱ সৰবৰাহ আৰু অস্ত্ৰৰ চোৰাং বেহাৰ পিছত বন্যপ্ৰাণীৰ ব্যৱসায়ে কিদৰে  বিশ্বব্যাপী চতুৰ্থ বৃহত্তম অপৰাধ হিচাপে মূৰ দাঙি উঠিছে তাৰ ব্যাখ্যা কৰে । বিশ্বৰ বন্যপ্ৰাণী অপৰাধী আৰু অস্ত্ৰৰ চোৰাং ব্যৱসায়ী  মাজত অসাধু সম্পৰ্কই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি কেনেদৰে ভাবুকি কঢ়িয়াই আনিছে সেই বিষয়েও তেওঁ ব্যাখ্যা কৰে । বিভৱ কুমাৰ তালুকদাৰৰ মতে ভৌগলিক অৱস্থিতিৰ বাবেও  উত্তৰ-পূব ভাৰত জৈৱ বৈচিত্ৰ্য সমৃদ্ধ অঞ্চল হিচাবে চিহ্নিত যাৰ বাবে বন্যপ্ৰাণীৰ  চিকাৰ আৰু অংগৰ অবৈধ বেহাৰ বাবেও বিপদসংকুল হৈ পৰিছে ।

বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰনৰ বাবে অতি গুৰুত্ব পুৰ্ণ বুলি বিবেচিত এই কৰ্মশালাত ন্যায়িক বিষয়া, বন বিভাগৰ প্ৰতিনিধি, অসম আৰক্ষী আৰু শুল্ক বিভাগৰ বিষয়া আৰু বন্যপ্ৰাণী অপৰাধ আৰু সংৰক্ষণ সৈতে জড়িত ভালে সংখ্যক লোকে অংশগ্ৰহণ কৰি সমল ব্যক্তি সকলৰ সৈতে মত বিনিময়ো কৰে  ৷

*********