বোকাখাতত নিষিদ্ধ ড্ৰাগচ আৰু নগদ ধন সহ যুৱকক আটক :

বোকাখাতত নিষিদ্ধ ড্ৰাগচ আৰু নগদ ধন সহ যুৱকক আটক :
Aiidesh Photo

Aiidesh News  : 29 March - 2024 :

গোপন সূত্ৰৰ আধাৰত বোকাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতোপন চুতীয়া উপ পৰিদৰ্শক মৃনাল দাস,গাড়ী চালক দিগন্ত শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে বোকাখাত নগৰৰ ৪ নং ৱাৰ্ডত এক অভিযান চলাই আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছ আৰু নগদ ধনসহ এজন যুৱকক আটক কৰে । আৰক্ষী সুত্ৰৰ পৰা পোৱা তথ্য মতে বোকাখাতৰ ৪ নং ৱাৰ্ডৰ যুৱক অমন চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰা নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কাৰ্যৰ সৈতে জড়িত আছিল । আজি বিয়লি চলোৱা অতৰ্কিত অভিযানত বোকাখাত আৰক্ষীয়ে  অমন চৌধুৰীৰ বাসগৃহৰ পৰা নগদ ধন আৰু নিষিদ্ধ ড্ৰাগছ জব্দ কৰে । আৰক্ষীয়ে অমন চৌধুৰীক আটক কৰাৰ লগতে তেওঁৰ বাসগৃহৰ মূৰ্গী গঁড়ালত লুকুৱাই থোৱা এক লাখৰো অধিক ধন, পাঁচটা কন্টেনাৰত ভৰাই থোৱা ৪.২৮ গ্ৰাম ড্ৰাগছ, চিৰিজ আৰু মোবাইল ফোন জব্দ কৰে । আৰক্ষীৰ মতে ড্ৰাগচ সৰবৰাহৰ সৈতে জড়িত 

বোকাখাতৰ কেইবাগৰাকী যুৱকো অচিৰেই আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । অভিযানৰ  সময়ত অমন চোধুৰীৰ বাসগৃহ ঘেৰাও কৰি থকা অৱস্থাত যুৱকজনে খিৰিকিয়েদি পেলাই দিয়া ড্ৰাগছৰ কন্টেনাৰো আৰক্ষীৰ দলে উদ্ধাৰ কৰে । উল্লেখ্য যে ড্ৰাগচ আসক্ত হিচাবে বোকাখাত আৰক্ষীয়ে পূৰ্বেও আটক কৰিছিল অমন চৌধুৰীক ৷ ড্ৰাগচৰ আসক্তিৰ পিচত নিষিদ্ধ ড্ৰাগচৰ ব্যৱসায়ৰ সৈতেও জড়িত হৈ পৰে যুৱকজন ৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা অমন চৌধুৰী নামৰ যুৱকজনৰ পৰা অধিক তথ্য উলিয়াবৰ বাবে বোকাখাত আৰক্ষীয়ে সোধাপোচা চলাই আছে ৷

**********