হাতী মানুহৰ সংঘাত প্ৰশমনৰ সন্ধানত কাজিৰঙাত সমবেত এছিয়া মহাদেশৰ ১৩ খন ৰাষ্ট্ৰৰ বিশেষজ্ঞ : আয়'ৰা ৰিজৰ্টত আই ইউ চি এনৰ আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালা :

Aiidesh News  : 29 March - 2024 : 

কাজিৰঙাৰ আয়'ৰা ৰিজৰ্টত আজিৰে পৰা আৰম্ভ হৈছে  হাতী মানুহৰ সংঘাত প্ৰশমনৰ আন্ত:ৰাষ্ট্ৰীয় কৰ্মশালা ৷ প্ৰকৃতি সংৰক্ষণৰ আন্ত:ৰাষ্ট্ৰীয় সন্থা চমুকৈ আই.ইউ.চি.এনৰ প্ৰজাতি সুৰক্ষা আয়োগৰ বিশেষ উদ্যোগত দেশৰ আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ বিশেষ সহযোগত আয়োজিত এই কৰ্মশালাত এছিয়া মহাদেশৰ ১৩ খন ৰাষ্ট্ৰৰ বিশেষজ্ঞই অংশ গ্ৰহন কৰিছে ৷ আজি পুৱা আয়’ৰা ৰিজৰ্টৰ প্ৰেক্ষাগৃহত আয়োজিত উদ্বোধনী অনুষ্ঠানত আই ইউ চি এনৰ সমন্বয়ক ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া বিবেক মেননে সকলোকে কৰ্মশালালৈ আদৰণী জনায় ৷ বন্তি প্ৰজ্বলনেৰে কৰ্মশালা শুভাৰম্ভ কৰা হয় ৷ উদ্বোধনী ভাষণ প্ৰদান কৰে কাজিৰঙাৰ সঞ্চালক ড৹ সোনালী ঘোষে ৷ সঞ্চালক গৰাকীয়ে কৰ্মশালাত অংশগ্ৰহন কৰা সকলো ৰাষ্ট্ৰৰ প্ৰতিনিধিকে বৈচিত্ৰময় কাজিৰঙাৰ জৈৱবৈচিত্ৰ দৰ্শনৰ বাবে আমন্ত্ৰন জনায় ৷ অনুষ্ঠানত আই.ইউ.চি.এনৰ প্ৰজাতি সুৰক্ষা আয়োগৰ উপাধ্যক্ষ হেইডি ৰিড্ডলী, কলম্বাচ চিৰিয়াখানাৰ উপাধ্যক্ষ মাইকেল ক্ৰেগাৰ, আন্ত:ৰাষ্ট্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষ সন্থাৰ বিলুপ্তিৰ প্ৰজাতিৰ সংৰক্ষণ গোটৰ প্ৰতিনিধি  এডাম ফ্লেটচ উপস্থিত থাকে ৷ 

আন্ত:ৰাষ্ট্ৰীয় এই কৰ্মশালাত এছিয়া মহাদেশৰ বিভিন্ন ৰাষ্ট্ৰত চলি থকা হাতী মানুহৰ সংঘাত উপসম কৰি এছিয়ান হাতী সংৰক্ষণৰ কৰ্মসুচী আৰু নিৰ্দেশনা প্ৰস্তুত কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ উদ্বোধনী অনুষ্ঠানৰ পিচতেই ড৹ সোনালী ঘোষ আৰু মাইকেল ক্ৰেগাৰ সঞ্চালনাত কৰ্মশালাৰ আজিৰ প্ৰথম পৰ্যায়ৰ আলোচনাত আই ইউ চি এনৰ প্ৰৱন্ধক প্ৰজনা পাণ্ডা, বাংলাদেশৰ চৈয়দ মাহমাদুৰ ৰহমান, ভুটানৰ প্ৰতিনিধি কেঞ্চু ৰিগজিন, কম্বোডিয়াৰ প্ৰতিনিধি লৈয়ুং কেচাৰ’, লাওচ গনৰাজ্যৰ ফুটন কমকিয়েং, মালয়েচিয়াৰ প্ৰিমাচ লামবুট, চাভাৰ ঝাও মিন অ’য়ে নিজ নিজ ৰাষ্ট্ৰৰ হাতী মানুহৰ সংঘাতৰ পটভুমিত সচিত্ৰ উপস্থাপন দাঙি ধৰে ৷

বিয়লিলৈ বিবেক মেনন আৰু ঈ ফিন ৱংৰ সঞ্চালনাত অনুষ্ঠিত দ্বিতীয় পৰ্যায়ৰ আলোচনাত নেপালৰ প্ৰতিনিধি শ্যাম কুমাৰ শ্বাহ, শ্ৰী লংকাৰ ডাব্লিউ এম কে এছ চন্দ্ৰৰাথানে, থাইলেণ্ডৰ চময়িং থুনহিকৰ্ণ, ইণ্ডোনেচিয়াৰ আন্দ্ৰি হানচেন চিৰেগাৰ, উৰিষ্যাৰ লাডে গজানন দয়ানন্দ, কৰ্ণাটকৰ মনোজ আৰ আৰু কেৰেলাৰ চাহজানা কৰিময়ে হাতী মানুহৰ সম্প্ৰতিক সংঘাতৰ সচিত্ৰ উপস্থাপন কৰে ৷ পৰৱৰ্তী সময়ত বৰুণ গোস্বামী আৰু এডাম ফেল্টৰ সঞ্চালনাত হাতী মানুহৰ সংঘাতৰ বিষয় সম্পৰ্কত জনসাধাৰণ আৰু অসামৰিক প্ৰশাসনৰ দৃষ্টি ভঙ্গীৰ ওপৰত আলোচনা কৰা হয় ৷

এছিয়া মহাদেশৰ হাতী মানুহৰ সংঘাত প্ৰশমনৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত এই কৰ্মশালাৰ দ্বিতীয় দিনৰ কাৰ্যসুচী ৩০ মাৰ্চত আয়'ৰা ৰিজৰ্টতে পুৱাৰে পৰা অনুষ্ঠিত হ'ব ৷ ৩১ মাৰ্চৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ পিচত বিভিন্ন দেশৰ প্ৰতিনিধি সকলে গোলাঘাটত হাতী মানুহৰ সংঘাত অঞ্চল পৰিদৰ্শন কৰাৰ কথা ৷

********