বাঘ হত্যা আৰু বাঘৰ দেহাংশৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন গোটৰ ৰেড এলাৰ্ট জাৰি :

বাঘ হত্যা আৰু বাঘৰ দেহাংশৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন গোটৰ ৰেড এলাৰ্ট জাৰি  :
Aiidesh Photo

বাঘ হত্যা আৰু বাঘৰ দেহাংশৰ ব্যৱসায় প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন গোটৰ ৰেড এলাৰ্ট জাৰি  :

Aiidesh News  :  10 July  : 

ভাৰতৰ চৰকাৰৰ বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰন গোটে চলিত মাহৰ আৰম্ভনীতেই দেশৰ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল বোৰত হ'ব পৰা ঢেকীয়াপতীয়া বাঘৰ হত্যা আৰু বাঘৰ দেহাংশৰ চোৰাং ব্যৱসায়ীকলৈ সক্ৰিয় হোৱা চোৰাংচিকাৰী আৰু চোৰাং ব্যৱসায়ীৰ দলৰ বাবে সকলো বাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কৰ্তৃপক্ষক সতৰ্ক কৰি এক ৰেড এলাৰ্ট জাননী জাৰি কৰিছে ৷ 

দেশৰ উত্তৰাখণ্ডৰ কৰবেট ৰাষ্ট্ৰীয় উদ্যান, ৰাজাজী, চাতৌৰা, টাডোৱা, পেঞ্চ, আমনগড়, পিলঘিট, বাল্মিকী, বালাঘাট, চন্দ্ৰপুৰ আদি বাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বাঘৰ চোৰাংচিকাৰীৰ সংঘবদ্ধ দল সক্ৰিয় হোৱা বুলি জাননীত কোৱা হৈছে ৷ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক সকলক ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলত তীক্ষ্ণ নিৰীক্ষণৰ লগতে পহৰাৰ ব্যৱস্থা কটকতীয়া কৰি বনাঞ্চল বোৰৰ কাষৰীয় অঞ্চলত অচিনাকী লোকৰ বিচৰণৰ ওপৰত চকু ৰাখিবৰ বাবেও কোৱা হৈছে ৷ বিশেষকৈ পথ কাষৰ অঘৰী লোক, মন্দিৰ, ৰেল বা বাছ আস্থানত থকা অচিনাকী আৰু সন্দেহযুক্ত লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ উপৰিও এনে লোক দেখিলে স্থানীয় আৰক্ষীক তাৎক্ষনিক ভাৱে অৱগত কৰিবলৈ কোৱা হৈছে ৷

*******