মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ :

মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ :
Aiidesh Photo
মানাহৰ ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয় গাওঁৰ মহিলাৰ বাবে আৰণ্যকৰ চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ :

Aiidesh News  : 15 March - 2024  :

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু বনাঞ্চলৰ চৌপাশৰ স্থানীয় লোকসকলৰ কল্যানৰ বাবে কাৰণে কাম কৰা দেশৰ আগশাৰীৰ  প্ৰকৃতি সংস্থা আৰণ্যকে মানাহ ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ কাষৰীয়া গাঁৱৰ মহিলা আৰু যুৱতী সকলৰ বাবে এটা চিলাই প্ৰশিক্ষণ কেন্দ্ৰ আৰম্ভ কৰিছে ।এই কেন্দ্ৰৰ জৰিয়তে আৰণ্যকে  প্ৰশিক্ষাৰ্থীসকলক জোখ-মাখ, কাটিং আৰু চিলাইৰ মৌলিক প্ৰশিক্ষণ প্ৰদান কৰিব যাতে তেওঁলোকে দৰ্জী হিচাপে নিজকে প্ৰস্তুত কৰি জীৱিকাৰ বিকল্প পথ বাচি ল’ব পাৰে । এই পদক্ষেপে বনাঞ্চলৰ ওপৰত তেওঁলোকৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে সংৰক্ষণতো অৰিহণা যোগাব বুলি আৰণ্যকে জনায় ৷

বাক্সা জিলাৰ ভূঞাপাৰাত থকা মানাহ সংৰক্ষণ আৰু প্ৰচাৰ কেন্দ্ৰত যোৱা ১২ মাৰ্চত এই চিলাই প্ৰশিক্ষণ কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । উদ্বোধনী অনুষ্ঠানত মানাহ ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া ভূঞাপাৰা, বামুনখাল আৰু কুমগুৰি গাঁৱৰ ২৩ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে মাষ্টাৰ প্ৰশিক্ষক পখিলা দাস উপস্থিত থাকে । পখিলা দাসে বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী আৰম্ভ কৰে । পৰৱৰ্তী সময়ত প্ৰশিক্ষাৰ্থী সকলক চিলাই প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰাৰ উদ্দেশ্যৰ চমু আভাস দি এই প্ৰশিক্ষন কেন্দ্ৰত শিকাব লগীয়া চিলাইৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয় ৷  কাৰ্যসূচীৰ অন্তত প্ৰশিক্ষাৰ্থীসকলক ৪টা গোটত বিভক্ত কৰা হয় আৰু তেওঁলোকে সপ্তাহত তিনিদিন শ্ৰেণীত অংশগ্ৰহণ কৰাৰ বাবে ব্যৱস্থা গ্ৰহন কৰা হয় ।

আৰণ্যকৰ মতে বনাঞ্চলৰ কাষৰীয়া মহিলাসকলক প্ৰদান কৰা চিলাই প্ৰশিক্ষণে তেওঁলোকক অৰ্থনৈতিকভাৱে শক্তিশালী কৰিব আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ববোধ গঢ়ি তুলিব । কাৰ্য দক্ষতা বৃদ্ধি কৰাৰ লগতে এই মহিলাসকলক বহনক্ষম জৈৱ বৈচিত্ৰ্য সংৰক্ষণ প্ৰক্ৰিয়ালৈ অৰিহণা যোগাবৰ বাবেও অনু্প্ৰাণিত কৰিব আৰু স্বন সংৰক্ষণ প্ৰচেষ্টাত স্থানীয় লোকক জড়িত কৰাটোও নিশ্চিত কৰিব  । আৰণ্যকে জনোৱা মতে বাক্সা জিলাৰ মানাহ ভূখণ্ডত ৰূপায়ন কৰি থকা আৰু আই ইউ চি এন , কে এফ ডব্লিউ সমৰ্থিত ভাৰত আৰু অসমত বাঘৰ সংখ্যা, বাসস্থান আৰু বাঘৰ কৰিডৰ সমুহ সুৰক্ষিত কৰা শীৰ্ষক প্ৰকল্পৰ অংশ হিচাপে এই চিলাই প্ৰশিক্ষণ বিদ্যালয়খন আৰম্ভ কৰা হৈছে ।

অনুষ্ঠানত স্থানীয় লোকৰ উপৰিও  আৰণ্যকৰ ড০ পাৰ্থ সাৰথি ঘোষ,  বিনীতা বাৰুৱাতী, স্বপন কুমাৰ দাস, পংকজ দাস, ষ্টিফেন বসুমতাৰী, বৰ্ণালী চক্ৰৱৰ্তী, আৰু ধনঞ্জয় মুছাহাৰীও উপস্থিত আছিল ৷ 

**********