অচিনাক্ত নম্বৰৰ পৰা অহা ফোন কলেৰে গোলাঘাট জিলাৰ সুলভ মূল্যৰ এজেণ্ট সকলৰ পৰা ধন দাবী প্ৰৱঞ্চকৰ : গোচৰ ৰুজু কৰিব যোগান বিভাগে :

অচিনাক্ত নম্বৰৰ পৰা অহা ফোন কলেৰে গোলাঘাট জিলাৰ সুলভ মূল্যৰ এজেণ্ট সকলৰ পৰা ধন দাবী প্ৰৱঞ্চকৰ  : গোচৰ ৰুজু কৰিব যোগান বিভাগে  :

অচিনাক্ত নম্বৰৰ পৰা অহা ফোন কলেৰে গোলাঘাট জিলাৰ সুলভ মূল্যৰ এজেণ্ট সকলৰ পৰা ধন দাবী প্ৰৱঞ্চকৰ  : গোচৰ ৰুজু কৰিব যোগান বিভাগে  : 

Aiidesh News :  8 July 2023  :

গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ অধীনৰ সুলভ মূল্যৰ দোকানৰ এজেণ্ট সকলক যিকোনো ভুৱা আৰু অচিনাক্ত ফোন কলৰ পৰা সাৱধান হ'বলৈ বিভাগৰ তৰফৰ আহ্বান জনাইছে । এই সম্পৰ্কীয় জাৰু কৰা এটা বিভাগীয় বাৰ্তাত কোৱা হৈছে যে বিগত সময়চোৱাত গোলাঘাট জিলাৰ সুলভ মূল্যৰ দোকানৰ কেইবা গৰাকীও এজেণ্টে মহাৰাষ্ট্ৰৰ 08766949027 নম্বৰৰ পৰা ফোন কল লাভ কৰিছে । এই নম্বৰৰ পৰা কৰা ফোনত সুলভ মূল্যৰ দোকানৰ এজেণ্ট সকলক ভয়-ভাবুকিৰে কোনো অচিনাক্ত ব্যক্তিয়ে মোটা অংকৰ ধন দাবী কৰি আহিছে । সুলভ মূল্যৰ দোকানৰ এজেণ্ট সকলে ধন দিবলৈ অস্বীকাৰ কৰিলে গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা শাখাত এজেণ্টজনৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকিও দিছে । এই অচিনাক্ত ব্যক্তিৰ হাতত এজেণ্টৰ সবিশেষ তথ্য থাকে আৰু তাৰেই সুযোগ লৈ এনে ভুৱা নম্বৰৰ পৰা এজেণ্টসকলক ধন দাবী কৰি আহিছে । 

এই ভুৱা নম্বৰৰ বিৰুদ্ধে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ গোলাঘাট জিলা শাখাই গোচৰ ৰুজু কৰিব বুলি অৱগত কৰিছে । লগতে এনে নম্বৰৰ পৰা ফোন আহিলে উত্তৰ নিদিবলৈ বা ভয়-ভাবুকিত শংকিত নহ'বলৈ জিলাখনৰ সুলভ মূল্যৰ দোকানৰ এজেণ্টসকলৰ প্ৰতি আহ্বান জনাইছে যোগান বিভাগে । বিভাগে দিয়া তথ্য মতে গোলাঘাট জিলাৰ কমাৰবন্ধাৰ গোলাঘাট সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদককে ধৰি কেইবাগৰাকীও এজেণ্টে ইতিমধ্যে এনে প্ৰবঞ্চকৰ পৰা ফোন কল লাভ কৰিছে । যিকোনো অচিনাকী তথা অসমৰ বাহিৰৰ সন্দেহজনক নম্বৰৰ পৰা ফোন আহিলে সকলোকে সতৰ্ক হ'বলৈ আহ্বান জনাইছ গোলাঘাট জিলাৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৷

**********