বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকলৈ স্বীকৃতি : বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠানত বিশেষ বঁটা প্ৰদান :
বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱকলৈ স্বীকৃতি : বন্যপ্ৰাণী সপ্তাহৰ সামৰণী অনুষ্ঠানত বিশেষ বঁটা প্ৰদান :
Aiidesh News :  8 October  :
অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা আয়োজিত ৬৭ সংখ্যক বন্যপ্ৰাণী সপ্তাহৰ সামৰণি অনুষ্ঠানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে আগবঢ়োৱা বিশেষ সেৱাৰ বাবে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ স্বেচ্ছাসেৱক সকলক আজি বিশেষ পুৰস্কাৰ প্ৰদান কৰে ৷ গুৱাহাটীত থকা বন বিভাগৰ অৰণ্য ভৱনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সমাৱৰ্তন সমাৰোহত ৰাজ্যৰ বিভিন্ন বন সংমণ্ডলৰ বিষয়া আৰু বনকৰ্মীৰ লগতে বোকাখাত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰ স্বেচ্ছাসেৱক সকলকো পুৰস্কৃত কৰা হয় ৷  অনুষ্ঠানত বন বিভাগৰ হৈ প্ৰধান বন বল আলকা ভাৰ্গৱ আৰু বন্যপ্ৰাণী শাখাৰ প্ৰধান মুখ্য বন সংৰক্ষক অমৃত সাহায়ে  স্বেচ্ছাসেৱক সকলক এই বঁটা প্ৰদান কৰে ৷ মহবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনাৰহৈ ৰৌচন গৌতম আৰু মনজিত হাজমে এই বঁটা গ্ৰহন কৰে ৷ বঁটা গ্ৰহনৰ সময়ত গোটৰ জেষ্ঠ সমন্বয়ক প্ৰৱক্তা প্ৰশান্ত ফুকন আৰু প্ৰৱক্তা প্ৰশান্ত শইকীয়াও উপস্থিত থাকে ৷ 
উল্লেখ্য যে বিগত সময়ত বানপানী আৰু অনান্য আপদ কালিন সময়ত জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ স্বেচ্ছাসেৱক সকলে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক সহায় কৰিছিল ৷ ৰাষ্ট্ৰীয় উদ্যান খনত হোৱা বন্যপ্ৰাণীৰ গননা আৰু শেষতীয়াকৈ বন বিভাগৰ দ্বাৰা বোকাখাতৰ ৰাজহুৱা খেল পথাৰত আয়োজন কৰা গঁড়ৰ খৰ্গ জ্বলোৱা অনুষ্ঠানতো সমবেত জনসাধাৰণক সেৱা আগবঢ়াইছিল  জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটৰ এই ছাত্ৰ ছাত্ৰী সকলে ৷
বানপানীৰ সময়ত কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ গতি নিয়ন্ত্ৰন কৰি বন্যপ্ৰাণী সুৰক্ষাৰ বাবে বনকৰ্মী  পৰিবহন বিভাগ আৰু আৰক্ষীকো সহায় কৰিছিল এই গোটৰ স্বেচ্ছাসেৱকৰ দলটোয়ে ৷ ইয়াৰ উপৰিও কাজিৰঙাৰ এনিমেল কৰিডৰত যান বাহনৰ পৰা পেলাই যোৱা জাৱৰ আৰু বিভিন্ন অৱৰ্জনা পৰিস্কাৰ কৰি এক নিদৰ্শন দাঙি ধৰিছিল এই গোটৰ ছাত্ৰ ছাত্ৰী সকলে ৷ 
অসম চৰকাৰৰ বন বিভাগে বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটক  এই সন্মানৰ বাবে নিৰ্বাচন কৰা কাৰ্যই বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি ৰাজ্যৰ ছাত্ৰ ছাত্ৰী সকলক জড়িত কৰাত উংৎসাহিত কৰিব ৷ 
**********
                        


                    
                    
                    
                    
                    
                
                
                
                
                
                
                

        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
        
								
								
								
								
								
								
								
								
								
								
