বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ কৈলাখাতত দিন দুপৰতে পহু হত্যা : মৃত পহু পেলায় হত্যাকাৰীৰ পলায়ন :

বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ কৈলাখাতত দিন দুপৰতে পহু হত্যা :  মৃত পহু পেলায় হত্যাকাৰীৰ পলায়ন :
Aiidesh Photo

 

Aiidesh News : 0২ Jauary  2024 : 

বোকাখাত নগৰৰ ৭ নং ৱাৰ্ডৰ কৈলাখত অঞ্চলত আজি পুৱা দুস্কৃতিকাকীয়ে এজনী মাইকী খুটীয়া পহু হত্যা কৰে ৷ মানুহৰ উপস্থিতিৰ উমান পায় গাওঁখনৰ ধনীৰাম শইকীয়া নামৰ লোকজনৰ বাৰীতে মৃত পহুজনী পেলাই পহু হত্যা কৰা লোক পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে দিয়া খবৰৰ পিচতেই ঘটনাস্থলীত বোকাখাত বনাঞ্চলৰ বনকৰ্মী দল উপস্থিত হৈ মৃত পহুজনী উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷ পুৱাতেই কেইজনমান লোকে পহুজনী খেদি নিয়াৰ খবৰ পাইছিল স্থানীয় লোকে ৷ ঘটনাস্থলীত হত্যাকাৰীক কৰায়ত্ব কৰাৰ বাবে প্ৰশিক্ষিত স্নিফাৰ ডগ ব্যৱহাৰ কৰিছে বনবিভাগে ৷ স্নিফাৰ ডগৰ  সহায়ত ইতিমধ্যেই পহু হত্যাত ব্যৱহাৰ কৰা শেল এডাল উদ্ধাৰ কৰিছে বনকৰ্মীৰ দলে ৷ এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে তদন্ত চলাই আছে অভিযানকাৰী দলে ৷ ঘটনাৰ সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক আটক কৰিব পৰা নাই বনকৰ্মীয়ে ৷

উল্লেখ্য় য়ে বাৰিষা হোৱা বানপানীৰ উপৰিও শীতকালতো বনৰ পৰা পহু ওলায অহা দেখা যায় । শীত কালত ডাহ জাতীয় মাখিৰ প্ৰজাতিয়ে পহুৰ পিঠিত কনী পাৰে । এই কনীৰ পৰা ওলোৱা ওকনিৰ গৰে পোৱালীযে পহু শৰীৰত অস্বস্তিৰ সৃষ্টি কৰে । ইয়াৰ পৰা পৰিত্ৰান পাবৰ বাবে পহুবোৰে বনৰ পৰা ণুকলিলৈ ওলায় আহি মানুহ আৰু কুকুৰ আদিৰ আক্ৰমনৰ বলি হয় ।

************