যোৰহাটৰ কোষাগাৰত অগ্নি কাণ্ডৰ ঘটনা। কথমপি ৰক্ষা পৰিল বিপদৰ পৰা |

যোৰহাটৰ কোষাগাৰত বিহস্পতিবাৰে দিনত সংঘটিত হোৱা এক অগ্নি কাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি হয়। জানিব পৰা কাৰ্য্যালয়টোত থকা এটা এচিত অগ্নিৰ সূত্ৰ পাত হয়। সেই সময়ত কোষাগাৰত থকা কৰ্মচাৰীয়ে জুইৰ শিখা প্ৰত্যক্ষ কৰে আৰু অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়। কাৰ্য্যালয়টোৰ কৰ্মচাৰী সকলে শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিৰ সূত্ৰ পাত হৈছিল বুলি সন্দেহ কৰিছে। অৱশ্যে কাৰ্য্যালয়টোত থকা নথি পত্ৰৰ কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই বুলি জানিবলৈ দিয়ে কৰ্মচাৰী সকলে।
নেকিব আহমেদ , যোৰহাট