বোকাখাতত প্ৰয়াত গুনীন্দ্ৰ নাথ সোঁৱৰণী সদৌ অসম ভিত্তিত টি-২০ ক্ৰিকেট প্ৰতিযোগিতা : বোকাখাত টাউন ক্লাব আৰু মৰিগাওঁৰ দন্দুৱা স্পৰ্টচ ক্লাবৰ মাজত উদ্বোধনী খেল :

বোকাখাতত প্ৰয়াত গুনীন্দ্ৰ নাথ সোঁৱৰণী সদৌ অসম ভিত্তিত টি-২০ ক্ৰিকেট প্ৰতিযোগিতা  : বোকাখাত টাউন ক্লাব আৰু মৰিগাওঁৰ দন্দুৱা স্পৰ্টচ ক্লাবৰ মাজত উদ্বোধনী খেল  :
Aiidesh Photo

Aiides News  : 12th March  :

বোকাখাতৰ লিটল ষ্টাৰ ক্লাৱ আৰু কল্যাণপুৰ স্পৰ্টচ ক্লাৱৰ উদ্যোগত আজিৰে পৰা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত বোকাখাতৰ বিশিষ্ট নাগৰিক প্ৰয়াত গুণীন্দ্ৰ নাথ ফুকন সোঁৱৰণী সদৌ অসম ভিত্তিত প্ৰাইজমাণি টি-২০ ক্ৰিকেট প্রতিযোগিতা আৰম্ভ হৈছে ৷ এই উপলক্ষে আজি পুৱা বোকাখাতৰ ৰাজহুৱা খেলপথাৰত আয়োজিত উদ্বোধনী অনুষ্ঠানত অসম ক্ৰীড়া আয়োগৰ উপ সভাপতি আকাশ ফুকন, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ সভাপতি পৰীক্ষিত শইকায়া,  বোকাখাতৰ মহকুমাধিপতি ডা৹ নেহা যাদৱ, বোকাখাত জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি দেৱ প্ৰদীপ বৰা, সম্পাদক সঞ্জীৱ শইকীয়াৰ উপৰিও গোলাঘাট জিলা আৰু বোকাখাত জিলা ক্ৰীড়া সন্থাৰ বিষয় ববীয়া উপৰিও বোকাখাতৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷ অনুষ্ঠানৰ আৰম্ভনীতে লিটল ষ্টাৰ ক্লাৱৰ সভাপতি আকাশ ফুকন আৰু কল্যাণপুৰ স্পৰ্টচ ক্লাৱৰ সভাপতি নৱজ্যোতি দত্তই দুয়োটা সংগঠনৰ পতাকা উত্তোলন কৰে ৷

পৰৱৰ্তী সময়ত প্ৰয়াত গুনীন্দ্ৰ নাথ ফুকনৰ সুযোগ্য সন্তান অসম ক্ৰীড়া আয়োগৰ উপসভাপতি আকাশ  ফুকনে আদৰণী ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত সদৌ অসম ভিত্তিত আয়োজিত ক্ৰিকেট প্ৰতিযোগিতাখনি উদ্বোধন কৰে অসম ক্ৰিকেট সন্থা প্ৰাক্তন উপসভাপতি পৰিক্ষীত শইকীয়াই ৷ উদ্বোধনী অনুষ্ঠানৰ পিচতেই বোকাখাত টাউন ক্লাব আৰু মৰিগাওঁৰ দন্দুৱা স্পৰ্টচ ক্লাবৰ মাজত প্ৰথমখন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ খেলখনত টচ জিকি বোকাখাত টাউন ক্লাবে বেটিংৰ বাবে মৰিগাওঁৰ দন্দুৱা স্পৰ্টচ ক্লাবক আমন্ত্ৰন জনায় ৷

**********