ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানলৈ শিক্ষা বিভাগৰ নিৰ্দেশ : এতিয়াৰে পৰা কোনো দাতাৰ নামত পৰিয়ালৰ সদস্যৰ নামত নিৰ্মান কৰিব নোৱাৰিব শিক্ষানুষ্ঠানৰ প্ৰৱেশ তোৰণ :

ৰাজ্যৰ শিক্ষা প্ৰতিষ্ঠানলৈ শিক্ষা বিভাগৰ নিৰ্দেশ : এতিয়াৰে পৰা কোনো দাতাৰ নামত পৰিয়ালৰ সদস্যৰ নামত নিৰ্মান কৰিব নোৱাৰিব শিক্ষানুষ্ঠানৰ প্ৰৱেশ তোৰণ :
Aiidesh Photo

Aiidesh News  : 23 February 2024 :

অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানলৈ এক নিৰ্দেশ জাৰি কৰিছে ৷ বিভাগটোয়ে জাৰি কৰা ই চি ই ১৭৯৪২১/৫ নং নিৰ্দেশৰ জড়িয়তে ৰাজ্যৰ শিক্ষানুষ্ঠানৰ প্ৰৱেশ দ্বাৰৰ তোৰণ কোনো দাতাই নিৰ্মান কৰি দিব নোৱাৰিব অথবা কৰ্তৃপক্ষয়ো কোনো লোককে প্ৰৱেশ দ্বাৰৰ তোৰণ নিৰ্মানৰ বাবে অনুমতি প্ৰদান কৰিব নোৱাৰিব ৷ নিৰ্দেশটোত উল্লেখ কৰা মতে এতিয়াৰ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰৱেশদ্বাৰৰ নাম কোনো দাতা বা তেওঁৰ আত্মীয়ৰ নামেৰে ৰাখিব নোৱাৰিব । এটা শিক্ষা প্ৰতিষ্ঠানৰ মাটি আৰু আন্ত:গাঠনি নিৰ্মানত বিনিয়োগ হোৱা বিভাগীয়  পূঁজিক প্ৰৱেশ দ্বাৰত দাতাই ক্ষুদ্ৰ বিনিয়োগেৰে তোৰণ নিৰ্মান কৰি সমুহ কৃৰ্তিত্ব ল'বলৈ দিয়া উচিত নহয় বুলিও নিৰ্দেশটোত কোৱা হৈছে ৷

দাতাসকলক প্ৰৱেশ দ্বাৰৰ তোৰণ নিৰ্মানৰ বাহিৰে আন শিক্ষা প্ৰতিষ্ঠানৰ অন্য কোনো আন্তঃগাঁথনি নিৰ্মানৰ বাবে অনুমতি দিবৰ বাবে নিৰ্দেশটোত কোৱা হৈছে এই আদেশ তৎকালীনভাৱে কাৰ্যকৰী হ’ব বুলিও সকলোকে অৱগত কৰিছে ৷ শিক্ষা বিভাগৰ এই নিৰ্দেশ ইতিমধ্যেই ৰাজ্যৰ সমুহ শিক্ষানুষ্ঠানৰ অধ্যক্ষ, খণ্ড প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় সমুহৰ পৰিদৰ্শক,শিক্ষা বিভাগৰ সমুহ সঞ্চালকৰ লগতে সংশ্লিষ্ট সকলো বিভাগলৈ প্ৰেৰণ কৰিছে ৷

************