হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে ডুমডুমা সমষ্টিৰ ২০ হাজাৰ পৰিয়াললৈ যোগান ধৰিলে অত্যৱশ্যকীয় সামগ্ৰী

হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে  ডুমডুমা সমষ্টিৰ ২০ হাজাৰ পৰিয়াললৈ যোগান ধৰিলে অত্যৱশ্যকীয় সামগ্ৰী

ৰাজ্যত কৰ'নাৰ লগতে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত সকলক খাদ্য সামগ্ৰী যোগান ধৰিছে ডুমডুমাস্থিত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দূৰ্গা ভুমিজৰ সহযোগত সমষ্টিটোৰ ২০ হাজাৰ পৰিয়ালক বিভিন্ন খাদ্য সামগ্ৰী যোগানৰ পৰিকল্পনা হাতত লোৱা কোম্পানীটোৱে বৰ্তমানলৈকে প্ৰায় পাঁচ সহস্ৰাধীক পৰিয়ালক চাউল, দাইল, আলু, মিঠাতেল আৰু চেনি যোগান ধৰিছে ৷ ডুমডুমা সমষ্টিৰ বিধায়ক দুৰ্গা ভূমিজৰ  সহযোগত কুমচাং চাহ বাগিচাৰ ৰাজহুৱা খেলপথাৰত প্ৰায় ৩৫০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে ৷ সামগ্ৰী বিতৰণ অনুষ্ঠানটোত বিধায়ক দূৰ্গা ভুমিজৰ লগতে হিন্দুস্তান ইউনিলিভাৰ লিমিটেডৰ হৈ বেদজ্যোতি সেনগুপ্তা, প্ৰান্সী ছলিহা কুমচাং চাহ বাগিচাৰ পৰিচালক অমৰজিৎ সিং উপস্থিত থাকি ৰাইজক সজাগ আৰু সচেতন হৈ চৰকাৰৰ নীতি নিৰ্দেশন মানি চলিবলৈ আহ্বান জনায় ৷ বৰ্তমানলৈকে কোম্পানীটোৱে দাইচা, টিপুক, ফিলবাৰী, বাঘজান, বৰহাপজান, ৰুপাই, বৰডুবি ইত্যাদি অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ কৰা বুলি কোম্পানীটোৰ দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালিকা প্ৰান্সী ছলিহাই জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও কোম্পানীটোৱে ডুমডুমাত অৱস্থিত কাৰখানাটোৰ দাঁতিকাষৰীয়া ১০০০ টা পৰিয়ালৰ ঘৰত চেনিটাইজেচন , ডুমডুমা চক্ৰ বিষয়া কাৰ্যালয়ত দুটাকৈ চেনিটাইজাৰ মেচিন প্ৰদান কৰে , অসমৰ ৫৩ খন বাগিছাত তিনিলাখ হৰলিক্সৰ পেকেট বিতৰণ , তিনিহাজাৰ মাস্ক , পাঁচ হাজাৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আৰু চাৰি লাখ পঞ্চাশ হাজাৰ চাবোন বিতৰণ কৰিছে ৷ উল্লেখ্য যে ডুমডুমাস্থিত হিন্দুস্তান ইউনিলিভাৰ লিমিটেডে ৰাইজৰ দূৰ্যোগৰ সময়ত কৰ'না বিৰুধী যুদ্ধখনত ৰাইজক বিভিন্ন প্ৰকাৰে সহযোগ কৰি আহিছে ৷