আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন বোকাখাত জিলা মহিলা ক্ৰিকেট দলক বোকাখাতত বিপুল আদৰণী :

আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন বোকাখাত জিলা মহিলা ক্ৰিকেট দলক বোকাখাতত বিপুল আদৰণী  :
Aiidesh Photo

আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ চেম্পিয়ন বোকাখাত জিলা মহিলা ক্ৰিকেট দলক বোকাখাতত বিপুল আদৰণী  : 

Aiidesh News  : 27 April 2023  : 

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে গোৱালপাৰাৰ ডি এন সিনহা খেল পথাৰত অনুষ্ঠিত হোৱা সদৌ অসম কনকলতা বৰুৱা সোঁৱৰণী আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত খেলত চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰা বোকাখাত জিলা মহিলা ক্ৰিকেট দলক আজি বোকাখাতত বিপুল সম্বৰ্ধনা জনোৱা হয় ৷ গোৱালপাৰাৰ পৰা গোলাঘাট হৈ বোকাখাতত উপস্থিত হোৱা দলটোক বোকাখাতত আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত বোকাখাতৰ বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জনায় ৷ বোকাখাত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত বিজেপিৱদলৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰা, ৰাজ্যিক কাৰ্য নিৰ্বাহক সদস্য অনিমেষ শইকীয়া, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, অগপ দলৰ বোকাখাতৰ সম্পাদক উৎপল বৰদলৈ, অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ন শইকীয়া বৰদলৈ আদি বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

বোকাখাত জিলা ক্ৰীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়াই আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিভিন্ন দল সংগঠনে দলটোৰ সদস্য সকলৰ উপৰিও দলপতি অনামিকা বৰি, দলৰ প্ৰশিক্ষক ৰাজা আহমেদ আৰু দলৰ পৰিচালক মুন বৰুৱাকো সম্বৰ্ধনা জনোৱা হয় ৷

উল্লেখ্য যে অসম ক্ৰিকেট সন্থাৰ উদ্যোগত প্ৰথম বাৰৰ বাবে গোৱালপাৰাত অনুষ্ঠিত কনকলতা বৰুৱা সোঁৱৰণী আন্ত: জিলা মহিলা ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত বোকাখাত জিলা মহিলা ক্ৰিকেট দলে ডিব্ৰুগড় জিলা মহিলা ক্ৰিকেট দলক ৯ উইকেটত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয়  ৷ 

*****