বোকাখাতত মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত বোকাখাত সমষ্টিৰ কৃৰ্তীমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা :

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত বোকাখাত সমষ্টিৰ কৃৰ্তীমান ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা  : 

Aiidesh News : 02 July 2023 :

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা বোকাখাত সমষ্টিৰ বিধায়ক অতুল বৰাৰ পৃষ্ঠপোষকতাত দেওবাৰে বোকাখাত সমষ্টিৰ কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক শুভেচ্ছা আৰু অভিনন্দন জনোৱা হয় ৷ বোকাখাতৰ নাট্যমন্দিৰত আয়োজিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত চলিত শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতীৰ্ণ হোৱা সমষ্টিটোৰ মুঠ ১১৬৮ গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ ইয়াৰে ৭৮৯ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু ৩৭৯ গৰাকী উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উতাৰ্ণ হোৱা ৷ মন্ত্ৰী অতুল বৰাই নিজেই এই সকল কৃৰ্তীমান ছাত্ৰ ছাত্ৰীক ফুলাম গামোছা, গছ পুলি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনায় ৷

স্থানীয় জেডি এছ জি মহাবিদ্যালয়ৰ বানিজ্য বিভাগৰ প্ৰবক্তা অতুল বেজবৰুৱাৰ পৰিচালনাত পৰিবেশন কৰা অসম সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত গোলাঘাট জিলাৰ আয়ুক্ত ডা৹ পি উদয় প্ৰবীন, গোলাঘাটৰ আৰক্ষী অধীক্ষক পুস্কিন জৈন, মহকুমাধিপতি ডা৹ নেহা যাদৱ, মহকুমা আৰক্ষী বিষয়া ৰেণুকুন্তলা শিতলকুমাৰ সমষ্টিটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বী , ছাত্ৰ ছাত্ৰীৰ অভিভাৱক সকলৰ লগতে বোকাখাতৰ বিশিষ্ট ব্যক্তি সকলো উপস্থিত থাকে ৷ অনুষ্ঠানত আমন্ত্ৰিত ব্যক্তি সকলক ফুলাম গামোছা আৰু একোটাকৈ গছ পুলিৰে আদৰণি জনোৱা হয় ৷ অনুষ্ঠানতে ভাৰতীয় অসামৰিক সেৱাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নামৰূপৰ মানস জ্যোতি দাসকো বিশেষ ভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত পথ সুৰক্ষাৰ এখন সজাগতা নাটক, সমবেত সংগীতৰ লগতে বৰ্যাগ্নী ডেকাৰ বাঁহী বাদনেৰে পৰিবেশ সুন্দৰ কৰি তোলে ৷ 

২০১৭ চনৰে পৰা চলি অহা কৃৰ্তী ছাত্ৰ ছাত্ৰীৰ এই সম্বৰ্ধনা অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ আদৰণী ভাষণৰ পিচতে আমন্ত্ৰিত ব্যক্তি সকলে কৃৰ্তী ছাত্ৰ ছাত্ৰী সকলক উদ্দেশি উপদেশমুলক ভাষণ প্ৰদান কৰে ৷ আমন্ত্ৰিত অতিথি সকলৰ সহযোগত মন্ত্ৰী অতুল বৰাই ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায় ।

***********