অসমীৰ চোতালত ম্লান পৰিলে বিহুৰ আনন্দ

অসমীৰ চোতালত ম্লান পৰিলে বিহুৰ আনন্দ

অসমীয়াৰ বাপতিসাহোন ৰঙালি বিহু, অসমীয়া জাতিৰ হাড়ে হাড়ে, সিৰাই সিৰাই শিপাই আছে এই বিহু৷ কুলিৰ মাতত,সেউজীয়া কোমল কুঁহিপাতৰ বহাগৰ আগজাননী দিয়া বসন্ত এতিয়া অসমীৰ চোতালত।কপৌফুল থোকে পখিলা উৰাদি উৰা নাচনীৰ খোঁপাত জুতিবলৈ হিয়ালি জিয়ালিকৈ সাজু হৈছে, ৰঙালী বিহুটি অসমীয়াৰ প্ৰাণ, সকলোৰে মনত ৰঙালীৰ উলাহে নধৰা সময়তে  পৃথিৱীৰ অসুখ। অৱৰূদ্ধ পৃথিৱী, স্তব্ধ জনজীৱন।  কিন্তু কৰোণাৰ কৰাল গ্ৰাসত এতিয়া যেন ম্লান পৰিছে বিহুৰ আনন্দ। ঘৰতে থাকি-সুৰক্ষিত থাকি অসমীয়াই পালন কৰিব চেনেহ ৰঙালী বিহুক। ঢোল-পেপাঁ-গগণাৰ শব্দ এতিয়া নাই অসমীৰ চোতালত।  নতুন সৃষ্টিৰ বাবে, প্ৰকৃতিৰ নিয়ম মানি মিলনোন্মুখ জীৱৰ বাবে, সমাজৰ বাবে প্ৰজন্ম আৰু প্ৰজন্মৰ বাবে শস্যৰ কৰ্ষণৰ  এই সময়চোৱাতেই এই দেশ তৰফৰ পৰা আপোনালোকলৈ যাচিলোঁ সহস্ৰ শুভকামনা