মৰিয়নী আৰক্ষীয়ে নগালেণ্ডলৈ যাবলৈ দি আছে শ শ ট্ৰাক!

মৰিয়নী আৰক্ষীয়ে নগালেণ্ডলৈ যাবলৈ দি আছে শ শ ট্ৰাক!

দৈনিক গোলাঘাট,নগাঁও,মৰিগাঁও আদিৰ লগতে অসমৰ বহু ঠাইৰ পৰা মাজনিশাৰ ভাগত কেঁচা পাছলি আনি অধিক দৰত মৰিয়নীৰ বজাৰত মুকলি কৰি দিছে একাংশই ৷লক ডাউনৰ মাজতে দৈনিক অসমৰ পৰা বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰী লৈ নগালেণ্ডলৈ গৈ আছে শ, শ ট্ৰাক৷

দীৰ্ঘদিনৰ পৰা মৰিয়নী আৰক্ষীৰ বিৰুদ্ধে এনে বহু  অভিযোগ উত্থাপন হৈ অহাৰ লগতে    বিভিন্নজনে অভিযোগো কৰি আহিছে । ঠিক তেনে সময়তে মৰিয়নী নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখত লক ডাউনৰ কেইটা দিনত মৰিয়নী আৰক্ষীয়ে এখন বিশেষ নিৰিক্ষণ চকী বহোৱাই  অসমৰ পৰা নগালেণ্ডলৈ দৈনিক যোৱা ট্ৰাকসমূহ নিৰীক্ষণৰ নামত ধন সংগ্ৰহ কৰা কথা সাংবাদিক কেমেৰাৰ আগত এগৰাকী ট্ৰাক চালকে স্পষ্ট কৰাৰ পাছতে ওলায় পৰে উৰহী গছৰ ওৰ৷উল্লেখযোগ্য যে লক ডাউন কাৰ্যসূচী চলি থকাৰ সময়ত যোৰহাট জিলা উপায়ুক্তয়ে নিৰ্দেশনা জাৰি কৰে যে যোৰহাট জিলাত কোনো ধৰণৰ ৰাজ্যৰ আন জিলাৰ সামগ্ৰী বিক্ৰী বা ক্ৰয় কৰিব নোৱাৰিব তেনে সময়ত একাংশ অসাধু ব্যৱসায়ীয়ে মৰিয়নী আৰক্ষীক মেনেজ কৰি দৈনিক শ শ ট্ৰাক নগালেণ্ডলৈ পঠিয়াই থকাৰ লগতে গোলাঘাট,নগাঁও,মৰিগাঁও, খাৰুপেটীয়া ৰ লগতে অসমৰ বহু ঠাইৰ পৰা মাজনিশাৰ ভাগত কেঁচা পাছলি আনি অধিক দৰত মৰিয়নীৰ বজাৰত মুকলি কৰি দিছে একাংশই৷

আনহাতে তিতাবৰ মহকুমাধিপতি তিতাবৰ মহকুমাত লক ডাউনৰ বাবে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান সন্ধিয়া ৪ বজাত বন্ধ কৰিবলৈ নিৰ্দেশনা জাৰি কৰাৰ পাছতো মাজনিশা লৈ মৰিয়নীৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গুদামৰ পৰা ট্ৰাক নগালেণ্ডলৈ যায় যি কথা সৰ্বসাধাৰণৰ চকুত পৰে কিন্তু মৰিয়নী আৰক্ষী প্ৰশাসনৰ চকুত নপৰে৷শনিবাৰে নিশাৰ ভাগত গোলাঘাটৰ পৰা অহা এখন কেঁচা পাচলিভৰ্তি মিনি ট্ৰাক সাংবাদিকে ধৰি আৰক্ষীক খবৰ দিয়ে যদিও আৰক্ষীয়ে গাড়ীখন আৰু গৰাকীৰ বিৰুদ্ধে আইনীভাৱে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে গাড়ীখন উভতি যাবলৈ কয়৷

কাৰ ভয়ত মৰিয়নী আৰক্ষীৰ সৎসাহস নহল মৰিয়নী আৰক্ষীৰ গাড়ী খনৰ বিৰুদ্ধে আইনী ব্যৱস্থা লবলৈ৷ যাক লৈ বৰ্তমান সময়ত মৰিয়নী আৰক্ষীৰ প্ৰতি সৰ্বসাধাৰণ লোকে বিশ্বাস হেৰুৱাব ধৰিছে৷ আৰক্ষীৰ এনে কাণ্ডজ্ঞানহীন কৰ্মকাণ্ডই আৰক্ষীৰ ভূমিকা অধিক ৰহস্যঘন কৰি পেলাইছে বুলি মৰিয়নীত সচেতন ৰাইজে উল্লেখ কৰিছে ।