বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দনৰ বিশেষ অনুষ্ঠান : ১৩৬৫ গৰাকী ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা :

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ উদ্যোগত কৃৰ্তি ছাত্ৰ ছাত্ৰীক অভিনন্দনৰ বিশেষ অনুষ্ঠান  : ১৩৬৫ গৰাকী ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা  :
Aiidesh Photo

Aiidesh News  : 28 May - 2024  : 

বোকাখাতৰ বিধায়ক তথা অসম চৰকাৰৰ  কেবিনেট মন্ত্ৰী অতুল বৰাৰ উদ্যোগত আজি  ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বোকাখাত বিধানসভা সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন অনুষ্ঠান আজি বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত হয় । অনুষ্ঠানত বোকাখাত বিধানসভা সমষ্টিৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ১৩৬৫ গৰাকী ছাত্ৰ- ছাত্ৰীক অভিনন্দন জনায় মন্ত্ৰী অতুল বৰাই । অভিনন্দন অনুষ্ঠানত বোকাখাত বিধানসভা সমষ্টিৰ ৮৬ খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীক একোটাকৈ গছপুলি, গামোছা, সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জনায় । উল্লেখ্য যে ২০১৬ চনৰ পৰা বোকাখাতৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনাই  আহিছে । 

আজিৰ এই অনুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ ৬২৪ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৭৪১ কৃৰ্তি ছাত্ৰ- ছাত্ৰীক সম্বৰ্ধনা জনায়। প্ৰতিকুল বতৰকো নেওচি ছাত্ৰ ছাত্ৰীৰ লগত সহস্ৰাধিক লোক উপস্থিত থাকে অনুষ্ঠানত । অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক কেৰিয়াৰ সম্পৰ্কীয় বক্তব্য আগবঢ়াই বিশিষ্ট লেখিকা, সঞ্জীৱন প্ৰকাশনৰ স্বত্বাধিকাৰ তথা বিশিষ্ট কেৰিয়াৰ গাইড প্ৰীতিমা কৌশিক বৰুৱাই । সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী অতুল বৰাই কয় যে মেট্ৰিক আৰু হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক উৎসাহিত কৰাৰ উদ্দেশ্যে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত কৰা হয় । ছাত্ৰ ছাত্ৰীৰ আজিৰ অংশগ্ৰহণ দেখি ভাল লাগিছে বুলি মন্ত্ৰী গৰাকীয়ে কয়। লগতে কেৰিয়াৰ গাইড গৰাকীৰ বক্তব্য ই ছাত্ৰ ছাত্ৰী সকলক নিশ্চয় উপকৃত কৰিব বুলি মন্ত্ৰী বৰাই মন্তব্য কৰে ।  অনুষ্ঠানত অভিনন্দিত ছাত্ৰ ছাত্ৰী সকল, বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকল, কেইবাটাও ছাত্ৰ সংগঠনৰ নেতা, বহু সংখ্যক সাংবাদিক, শিক্ষানুৰাগী ব্যক্তিৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী আৰু বহু সংখ্যক আমন্ত্ৰিত গণ্যমান্য ব্যক্তি উপস্থিত থাকে । সহযোগিতাৰ বাবে মন্ত্ৰী অতুল বৰাই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰে ।

***********