বোকাখাতৰ নাহৰজান চাহ বাগিছাত নৰ কংকাল উদ্ধাৰ :

বোকাখাতৰ নাহৰজান চাহ বাগিছাত নৰ কংকাল উদ্ধাৰ  :
Aiidesh Photo
বোকাখাতৰ নাহৰজান চাহ বাগিছাত নৰ কংকাল উদ্ধাৰ  :

Aiidesh News : 24 February 2024 : 

বোকাখাত উপ জিলাৰ নাহৰজান চাহ বাগিছাত উদ্ধাৰ হৈছে এটা নৰকংকাল ৷ চাহ বাগিছা খনৰ  ১৮ নম্বৰ বাগিছাত উদ্ধাৰ হৈছে নৰকংকালটো । বাগিছাখনৰ শ্ৰমিকে হাবি কাটি থকা অৱস্থাত প্ৰত্যক্ষ কৰে কংকালটো । এটা সেউজীয়া ৰঙৰ হাফপেন্টৰ আৰু ওপৰৰ অংশত কমলা ৰঙৰ চোলা পৰিহিত অৱস্থাত উদ্ধাৰ হৈছে কংকালটো । নৰ কংকালটো পুৰুষৰ হ'ব পাৰে বুলি অনুমান কৰিছে স্থানীয় লোকে । ঘটনাৰ বিষয়ে স্থানীয় লোকে বোকাখাত আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত হৈ আৰক্ষী দলে অধিক তথ্য আৰু পৰীক্ষাৰ বাবে কংকালটো সংগ্ৰহ কৰিছে । এই প্ৰতিবেদন প্ৰস্তুতৰ সময়লৈকে কংকালটোক চিনাক্ত কৰিব পৰা হোৱা নাই ৷

**********