বোকাখাতত প্ৰাক্তন মন্ত্ৰী ছত্ৰগোপাল কৰ্মকাৰৰ ৪৪ সংখ্যক মৃত্যু তিথি : অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু পুৱতি সাহিত্য সভাৰ উদ্যোগত শ্ৰদ্ধাৰে সোঁৱৰণ :

বোকাখাতত প্ৰাক্তন মন্ত্ৰী ছত্ৰগোপাল কৰ্মকাৰৰ ৪৪ সংখ্যক মৃত্যু তিথি  : অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু পুৱতি সাহিত্য সভাৰ উদ্যোগত শ্ৰদ্ধাৰে সোঁৱৰণ  :
Aiidesh Photo

Aiidesh News  : 31 August 2023  :

বোকাখাতৰ পৰা নিৰ্বাচিত হোৱা প্ৰথম গৰাকী মন্ত্রী, সৰুপথাৰ আৰু বোকাখাত সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ প্ৰাক্তন কেন্দ্রীয় সম্পাদক ছত্ৰগোপাল কৰ্মকাৰৰ ৪৪ সংখ্যক মৃত্যু দিৱস আজি বোকাখাতৰ পুৱতি সাহিত্য সভাৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভা আৰু পুৱতি সাহিত্য সভাৰ যৌথ উদ্যোগত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৌৰহিত্য কৰে পুৱতি সাহিত্য সভা সভাপতি অপূৰ্ব বৰদলৈয়ে ৷ অনুষ্ঠানত বোকাখাতৰ জেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি আনিচুৰ ৰহমান, ছত্ৰগোপাল কৰ্মকাৰৰ পুত্ৰ তথা চাহ মজদুৰ সংঘৰ বোকাখাতৰ সম্পাদক তপন কৰ্মকাৰ, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, জেষ্ঠ নগৰিক মঞ্চৰ কাৰ্যকৰী সভাপতি হৰিপ্ৰসাদ বৰঠাকুৰ, লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ, সাহিত্যিক পেঞ্চনাৰ নিজৰা বৰঠাকুৰ, পুতুলী খাউণ্ড আৰু চাহ মজদুৰ সংঘৰ বোকাখাতৰ সভাপতি মদন তাঁতীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল ৷ 

আমন্ত্ৰিত বক্তা হিচাবে জেষ্ঠ সাংবাদিক ভৱানন্দ কলিতাই অনুষ্ঠানত প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰৰ জীৱনৰ ওপৰত বিস্তৃত বিৱৰণ দাঙি ধৰে ৷ অনুষ্ঠানৰ আৰম্ভনীতেই প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পুত্ৰ তপন কৰ্মকাৰে আৰু পুষ্পাঞ্জলি জ্ঞাপন কৰে ভৱানন্দ কলিতাই ৷ অনুষ্ঠানৰ প্ৰাক্ ক্ষণত অনুষ্ঠানত উপস্থিত সকলোয়ে প্ৰয়াত ছত্ৰগোপাল কৰ্মকাৰ সোঁৱৰণত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰি শ্ৰদ্ধা নিৱেদন কৰে ৷ অনুষ্ঠানৰ উদেশ্য বাখ্যা কৰে হৰিবোলা কালিন্দীয়ে ৷ 

উল্লেখ্য যে বিমলা প্ৰসাদ চলিহা চৰকাৰৰ দিনত মন্ত্রী হোৱা বোকাখাতৰ ছত্ৰগোপাল কৰ্মকাৰ মন্ত্ৰী হৈ থকাৰ সময়ত শ্রমিক নেতা হিচাবে জাৰ্মান, জেনেভা, ৰাছিয়া, ইটালী আদি দেশ ভ্ৰমণ কৰিছিল । দৰিদ্ৰ শ্ৰমিক পৰিয়ালত জন্ম লাভ কৰা ছত্ৰগোপাল কৰ্মকাৰে শিলৰ কোৱাৰীত শিল ভঙা কাম পৰা বোকাখাতৰ ৰজাবাৰী স্কুলত শিক্ষকতা, চৰকাৰী অফিচৰ কেৰানী, পঞ্চায়তৰ সম্পাদক আদি  কামৰ লগতে চাহ শ্ৰমিকৰ কল্যান আৰু সমাজৰ উন্নয়নৰ বাবে বহু কাম কৰিছিল । প্ৰয়াত প্ৰহ্লাদ কৰ্মকাৰ আৰু ভনীবালা কৰ্মকাৰ পুত্ৰ ছত্ৰগোপাল কৰ্মকাৰে বোকাখাত হাইস্কুলৰ পৰা মেট্রিক আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷ 

১৯৩৫ চনৰ ২৪ নবেম্বৰত জন্ম লাভ কৰা ছত্ৰগোপাল কৰ্মকাৰৰ মৃত্যু হৈছিল ১৯৭৯ চনৰ ৩১ আগষ্টত । তেওঁৰ পত্নী আছিল জয়মতী কৰ্মকাৰ । তেখেতৰ তিনি পুত্র ক্ৰমে শ্ৰমিক নেতা তপন কৰ্মকাৰ , চিকিৎসক ডাঃ নিপুণ কৰ্মকাৰ আৰু সৰু পুত্ৰ প্ৰদীপ কৰ্মকাৰ এজন শিক্ষক হিচাবে কৰ্মৰত । একমাত্র কন্যা গুৱাহাটী নিবাসী অঞ্জলি কৰ্মকাৰ । 

*******