উত্তৰ কোৰিয়াৰ নেতা কিম-জং “জীৱিত আৰু সুস্থ”

উত্তৰ কোৰিয়াৰ নেতা কিম-জং “জীৱিত আৰু সুস্থ”
Image Courtesy : @New York Post

মনোজ কুমাৰ গগৈ : উত্তৰ কোৰিয়াৰ নেতা কিম-জং “জীৱিত আৰু সুস্থ” অৱস্থাত আছে, এই কথা সদৰি কৰে দেশ খনৰ সুৰক্ষা উপদেষ্টাই চি এন এনত ৷

আজি কিছুদিনৰ পৰা উত্তৰ কোৰিয়া ৰাষ্ট্ৰপতি জনৰ স্বাস্থ্যকলৈ গভীৰ ৰহস্যৰ সৃষ্টি হৈ আছে ৷ দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাৰ সুত্ৰৰ উদ্ধৃতি দি সংবাদ মাধ্যমত প্ৰকাশ যে ১২ এপ্ৰিলত কিমৰ হৃদপিণ্ডৰ অস্ত্ৰোপচাৰ কৰাৰ পাছৰ পৰা উত্তৰ কোৰিয়া ৰাষ্ট্ৰপতি জনৰ স্বাস্থ্য অধিক অৱনতি ঘটে ৷ ইয়াৰ মাজতে চীনে এটি বিশেষজ্ঞ চিকিৎসকৰ দল কিমৰ চিকিৎসা সম্পৰ্কত পৰামৰ্শ দিবৰ বাবে প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷ উত্তৰ কোৰিয়াৰ এজন বিশেষজ্ঞই আনকি এই বুলিও দাবী কৰে যে কিম-জং ৰ ইতিমধ্যে মৃত্যু হৈছে ৷ কিম-জংৰ স্বাস্থ্যকলৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ মাজতে কিমৰ উত্তৰাধীকাৰী হিচাপে অতি ঘনিষ্ট হিচাপে পৰিচিত ভগ্নী কিম য়ু জং ৰ নাম সম্পৰ্কতো চিন্তা-চৰ্চা কৰা দেখা যায় ৷  কিমৰ স্বাস্থ্যক লৈ আমেৰিকাৰ আৰু দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমত ভিন্নভাবে প্ৰচাৰিত হৈ আছে ৷ আমেৰিকাৰ সংবাদ মাধ্যমত চোৰাংচোৱা সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ হৈছিল যে কিম জং উন হয়তো ক’মাত আছে নহয় তেওঁ ব্ৰেইন ডেড হৈছে। আনহাতে, দক্ষিণ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰচাৰ কৰে যে কিম জঙৰ হাৰ্ট চাৰ্জাৰি চলি আছিল যদিও তেওঁৰ স্বাস্থ্যৰ অৱনতি সম্পৰ্কত কোনো তথ্য নাই। ইয়াৰ  মাজতে হংকং টিভিত শুকুৰবাৰে নিশাৰ ভাগত বাতৰি প্ৰকাশ পাই যে কিম জং উন আৰু নাই। বাতৰিটোৰ লগতে উত্তৰ কোৰিয়াৰ শক্তিশালী শাসকগৰাকীৰ মৃতদেহ কফিনত ৰখা হোৱা এখন ফটোও সম্প্ৰচাৰ কৰিছে হংকং টিভিয়ে। এই ফটোখনক লৈ বিশ্বৰ ৰাজনৈতিক মহলত দেখা গৈছে মতভেদ। হংকং টিভিৰ বাতৰিটোত পৰিবেশন কৰিছিল যে অত্যধিক ধূমপান, মেদবহুলতা আৰু একাধিক ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল কিম জং উন।