আমেৰিকা আৰু ইৰাণত সংঘটিত কেইটামান অতি বেদনাদায়ক ঘটনা...

আমেৰিকা আৰু ইৰাণত  সংঘটিত কেইটামান অতি বেদনাদায়ক ঘটনা...
কেইটামান অতি বেদনাদায়ক ঘটনা

সমগ্ৰ পৃথিৱীত ক'ৰোনা ভাইৰাছে তাণ্ডৱ সৃষ্টি কৰি দৈনিক হাজাৰ হাজাৰ মানুহক মৃত্যুৰ মুখলৈ ঠেলি নিয়াৰ সময়তে আমেৰিকা আৰু ইৰাণত ঘটিছে কেইটামান অতি বেদনাদায়ক ঘটনা। আজিৰ দিনটোলৈকে আমেৰিকাত Covid 19 ত আক্রান্ত হৈ 37,889 জন ৰোগীৰ প্ৰাণ নাশ ঘটিছে আৰু আমেৰিকাৰ শত্ৰু দেশ ইৰাণত মৃত্যু হৈছে 5,031 জন ৰোগী।

আমেৰিকাই ইৰাণৰ বিৰুদ্ধে 2018 চনত জাৰি কৰা প্ৰতিবন্ধকতাৰ বাবে ইৰাণত মহামাৰী সৃষ্টি কৰা Covid 19 ৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰোগী সকলৰ জৰুৰীকালীন চিকিৎসাৰ বাবে বৰ্তমান ইৰাণৰ হাতত পৰ্যাপ্ত ধন নথকাৰ বাবে দেশখনত ক'ৰোনা ভাইৰাছে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ইৰাণত এতিয়ালৈকে 80,868 গৰাকী লোক Covid19 ত আক্ৰান্ত হৈছে।

ইৰানে দেশখনৰ Medical Emergency ৰ বাবে যোৱা 9 এপ্ৰিলত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (IMF) ৰ পৰা $ 5 বিলিঅন মাৰ্কিন ডলাৰ ঋণ বিচাৰি আবেদন কৰিছিল। কিন্তু, আমেৰিকাৰ দাম্ভিক ৰাষ্ট্ৰপতি Donald Trump য়ে IMF ক এই ঋণ ইৰাণক প্ৰদান কৰাত বাধা আৰোপ কৰাত বৰ্তমান ইৰাণত সাংঘাতিক সংকটে মূৰ দাঙি উঠিছে।

আনহাতে, মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে জাৰি কৰা Lock Down ভঙ্গ কৰি যোৱা 15 এপ্ৰিলত আমেৰিকাৰ Michigan প্ৰদেশৰ ৰাজধানী Lanshing ত 15,000 তকৈ অধিক লোকে নিজৰ নিজৰ গাড়ী মটৰ লগত লৈ আহি গাভৰ্ণৰ গৰাকীৰ কায্যালয় ঘেৰাও কৰি Freedom , Liberty, আৰু Work ৰ দাবীত সামাজিক দূৰত্বত বৰ্তাই ৰাখি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Lock Down ৰ সময়ছোৱাত আমেৰিকাৰ Michigan প্ৰদেশত 2 হাজাৰতকৈ অধিক লোকৰ Covid 19 ৰোগত মৃত্যু ঘটিছে। আৰু সমান্তৰালভাৱে এপ্ৰিল মাহৰ তিনি সপ্তাহত আমেৰিকাৰ 17 নিযুত মানুহৰ চাকৰি বিলুপ্ত হৈছে । আমেৰিকাৰ Michigan প্ৰদেশত 1 নিযুতকৈ অধিক লোকে নিজৰ জীৱিকা হেৰুৱাই এতিয়া ডোনাল্ড ট্ৰাম্পৰ আৰ্থিক নীতিৰ বিৰুদ্ধে নতুন কৰ্মসংস্থাপন বিচাৰি ৰাজপথত আন্দোলন কৰিব লগীয়া হৈছে। আমেৰিকাই দীৰ্ঘদিন ধৰি পৃথিৱীত কৰি অহা কু-কৰ্মৰ ফল এতিয়া স্বয়ং আমেৰিকাই ভুগিব লগীয়া হৈছে।(লু-চ্যুন-শ্যাম গোহাইৰ সৌজন্যত)