উজনি অৰুনাচল আৰু অসমৰ বৃদ্ধি পাইছে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ : নিমাতীঘাটত জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা :

উজনি অৰুনাচল আৰু অসমৰ বৃদ্ধি পাইছে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ :   নিমাতীঘাটত জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা  :
Aiidesh photo

উজনি অৰুনাচল আৰু অসমৰ বৃদ্ধি পাইছে চিয়াং আৰু ব্ৰহ্মপুত্ৰ নদী জলপৃষ্ঠ :  নিমাতীঘাটত জলপৃষ্ঠই বিপদসীমা অতিক্ৰম কৰাৰ সম্ভাৱনা  : 

Aiidesh News :  26 June  :

কেন্দ্ৰীয় জল আয়োগৰ আজি পুৱা ৮  বজাৰ তথ্য মতে উজনি অৰুণাচলৰ টুটিং,  বলেং আৰু পাচিঘাটত যোৱা নিশাৰে পৰা উৰ্ধমুখী হৈছে চিয়াং নদীৰ জলপৃষ্ঠ ৷ প্ৰাপ্য তথ্য মতে যোৱা নিশাটোত টুটিংত ০.১২ মিটাৰ, বলেংত ০.০৮ মিটাৰ আৰু পাচিঘাটত ০.০৮ মিটৈৰ বৃদ্ধি পাইছে চিয়াংৰ জলপৃষ্ঠ আৰু জলপৃষ্ঠ উৰ্ধমুখী হৈয়ে আছে ৷

যাৰ পটভুমিত উজনি অসমৰ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আজি পুৱা স্থিৰ হৈ আছে যদিও বিয়লিলৈ বৃদ্ধিৰ সম্ভাৱনা আছে ৷ একেদৰে যোৱা নিশাকৈ আজি নিমাতীঘাটত ০.২২ মিটাৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ আৰু জলপৃষ্ঠ উৰ্ধমুখী হৈ আছে ৷ আজি পুৱাৰ তথ্য মতে মাতীঘাটৰ জলপৃষ্ঠ সম্প্ৰতি বিপদসীমাৰ ০.০৯ মিটাৰ তলত আছে ৷

বোকাখাতৰ ধনশিৰিমুখত পুৰ্বৰ তুলনাত আজি পুৱা জলপৃষ্ঠ ০.০৫ মিটাৰ হ্ৰাস পাইছে যদিও বিয়লিলৈ জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে ৷

কেন্দ্ৰীয় জল আয়োগৰ তথ্যৰ আধাৰত কৰা পুৰ্বানুমান মতে উদনিৰ সকলো স্থানতে জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা আছে ৷

ইফালে বোকাখাত মহকুমাৰ নুমলীগড়ত বৃদ্ধি পাইছে ধনশিৰি নদীৰ জলপৃষ্ঠ ৷ নিশাতকৈ আজি পুৱা ০.০৯ মিটাৰ বৃদ্ধি পাইছে জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে নুমলীগড়তে অহা ১২ ঘন্টাত জলপৃষ্ঠ বৃদ্ধিৰ সম্ভাৱনা ৷

********