পুৱতি সাহিত্য সভাৰ উদ্যোগত বোকাখাতত জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০৩ সংখ্যক জন্ম জয়ন্তী উদযাপন : কবি - নাট্যকাৰ ৰফিকুল হোছেইনলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :

পুৱতি সাহিত্য সভাৰ উদ্যোগত বোকাখাতত জনসুহৃদ চিদানন্দ শইকীয়াৰ ১০৩ সংখ্যক জন্ম জয়ন্তী উদযাপন :  কবি - নাট্যকাৰ ৰফিকুল হোছেইনলৈ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা :
Aiidesh Photo

Aiidesh News  : 10 October 2023  :

বোকাখাত পুৱতি সভা ভৱনত বোকাখাত ১০ অক্টোবৰত পুৱতি সাহিত্য সভাৰ উদ্যোগত জনসুহৃদ, আধুনিক বোকখাতৰ নিৰ্মাতা, বোকখাত পুৱতি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সাহিত্যিক প্ৰয়াত চিদানন্দ শইকীয়াৰ ১০৩ সংখ্যক জন্ম জয়ন্তী আৰু জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠান আৰম্ভনিতে চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী পুতলী খাউণ্ডে ৷ চিদানন্দ শইকীয়াৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে চিদানন্দ শইকীয়া ন্যাস পৰিচালনা সমিতিৰ সভাপতি তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক গোপিকানন্দ শইকীয়াই । স্মৃতি তৰ্পণ কৰে  বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বোকাখাত পুৱতি সাহিত্য সভাৰ উপ সভাপতি মিনতি দলে, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ সভাপতি বুবুল দত্ত, ইমজা বোকাখাতৰ সভাপতি সঞ্জীৱ হাজৰিকাই ।

সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বোধেশ্বৰী বৰাই । বোকাখাত পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা সভাত পৌৰহিত্য কৰে বোকাখাত পুৱতি সাহিত্য সভাৰ সভাপতি অপূৰ্ব বৰদলৈয়ে । সভাত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি তথা চিদানন্দ শইকীয়াৰ কনিষ্ঠ ভাতৃ প্ৰয়াত ভৱেশ শইকীয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৌন প্ৰাৰ্থনা কৰাৰ উপৰিও পুৰণি খতিয়াখলিৰ সদ্য প্ৰয়াত বিশিষ্টা মহিলা পুতলী হাজৰিকাৰ লগতে চিকিমৰ প্ৰলয়ংকৰী বানত মৃত্যু বৰণ কৰা লোকসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি শোকপ্ৰস্তাৱ গ্ৰহন কৰা হয় । 

অনুষ্ঠানত বিশিষ্ট অসমীয়া কবি, নাট্যকাৰ - পৰিচালক ৰফিকুল হোছেইনলৈ ২০২৩ বৰ্ষৰ জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা প্ৰদান কৰা হয় । বঁটাৰ লগতে ফুলাম গামোচা, চেলেংচাদৰ , সম্বৰ্ধনা পত্ৰ, নগদ ধন আৰু সঁফুৰাৰে ৰফিকুল হোছেইন সম্বৰ্ধনাও জনায় । বঁটা প্ৰদান অনুষ্ঠানৰ আঁত ধৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈয়ে । বঁটা গ্ৰহন কৰি ৰফিকুল হোছেইনে শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে । সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ক্ৰমে বোকাখাতৰ প্ৰাক্তন বিধায়ক অৰুণ ফুকন, অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত তথা বিশিষ্ট কবি উৎপল দলে, বোকাখাত প্ৰেছ ক্লাবৰ সভাপতি ভৱানন্দ কলিতা, পুতলী খাউণ্ড, চন্দ্ৰপ্ৰভা শইকীয়া ডেকা, বুবুল দত্ত, বোকাখাত পুৱতি সাহিত্য সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে মনোৰঞ্জন সেন আৰু কল্পনা চেতিয়াই। অৱসৰপ্ৰাপ্ত শিক্ষক জীৱন শইকীয়া ।

উল্লেখ্য যে বিগত সময়ত জনসুহৃদ চিদানন্দ শইকীয়া সাহিত্য বঁটা বিশিষ্ট সাহিত্যিক শোভন চন্দ্ৰ শইকীয়া, কবি-লেখক, গোলাঘাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দিলীপ শৰ্মা, বিশিষ্ট লেখিকা তথা বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড° বিভা বৰাক প্ৰদান কৰা হৈছিল । বোকাখাত সন্ধানী লেখিকা সমাৰোহ সমিতিৰ হৈ মৃদুষ্মিতা শৰ্মা, বোকাখাত মহকুমা সাংবাদিক সংস্থাৰ হৈ সভাপতি বুবুল দত্ত, বোকাখাত মহকুমা কবি সন্মিলনৰ হৈ সম্পাদক অজন্তা তালুকদাৰ, বিশিষ্ট লেখিকা মিনতি দলে আৰু হিম কৰ্মকাৰৰ লগতে বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে বঁটা প্ৰাপক ৰফিকুল হোছেইনক সম্বৰ্ধনা জ্ঞাপন কৰে । চিদানন্দ শইকীয়া ন্যাসৰ হৈ ন্যাসৰ সভাপতি গোপিকানন্দ শইকীয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে । অনুষ্ঠানত বোকাখাত পুৱতি সাহিত্য সভাৰ বিষয় ববীয়া, সদস্য, প্ৰয়াত চিদানন্দ শইকীয়াৰ পৰিয়ালবৰ্গ, ন্যাসৰ সদস্য, বোকাখাতৰ বিভিন্ন দল-সংগঠনৰ আমন্ত্ৰিত প্ৰতিনিধি , আমন্ত্ৰিত বিশিষ্ট ব্যক্তি সকলৰ লগতে বোকখাতৰ সাংবাদিক সকল উপস্থিত থাকে । অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই ।

********