কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ কেমেৰাত পুনৰ সোনোৱালী ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি : মুখ্যমন্ত্ৰীৰ টুইট :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটকৰ কেমেৰাত পুনৰ সোনোৱালী ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি  :  মুখ্যমন্ত্ৰীৰ টুইট  :
Gaurav Ramnarayanan

Aiidesh News  :  25 January  2024  : 

শেষতীয়াকৈ বিনটুৰং আৰু সৰু হাঁতোৰাৰ উদৰ দৰে বিৰল প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীৰ উপস্থিতিৰ সম্ভেদ লাভৰ পিচতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত তৃতীয় বাৰৰ বাবে সোনোৱালী ঢেকীয়াপতীয়া বাঘ দেখিৱলৈ পোৱা গৈছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো টুইটাৰ যোগে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্ৰত্যক্ষ কৰা সোনোৱালী ঢেকীয়াপতীয়া বাঘৰ উপস্থিতিৰ কথা অৱগত কৰিছে ৷

স্থানীয় টু'ৰ অপাৰেটৰ বোধেশ্বৰ কোঁৱৰৰ নেতৃত্বত কাজিৰঙা দৰ্শনৰ বাবে যোৱা গৌৰৱ ৰামনাৰায়ণন নামৰ পৰ্যটকজনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত সোনোৱালী ঢেকীয়াপতীয়া বাঘ প্ৰত্যক্ষ কৰাৰ লগতে ফটো তুলিবলৈও সক্ষম হয় ৷ ইয়াৰ আগতেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সোনোৱালী বাঘ প্ৰত্যক্ষ কৰা হৈছিল ৷ বাঘ গননাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানত স্থাপন কৰা কেমেৰা ট্ৰপতো বিগত সময়চোৱাত সোনোৱালী ঢেকীয়াপতীয়া বাঘৰ ফটো পোৱা গৈছিল ৷

উল্লেখ্য যে শৰীৰত হোৱা জিনৰ পৰিৱৰ্তন আৰু অনুবংশিক তাৰতম্যৰ  বাবেই এই বাঘটোৰ শৰীৰৰ বৰণ পাতল হালধীয়া হৈ দেখিবলৈ সোনোৱালী হৈ পৰা বুলি বিশেষজ্ঞ সকলে জনাইছে ৷ এনে জিন বৈষমতাৰ বাবেই এটা প্ৰজাতিৰ মাজতে কেতিয়াবা শৰীৰ ৰঙৰ পাৰ্থক্য  দেখিবলৈ পোৱা যায় ৷ পখিলা,  চৰাই, স্তন্যপায়ী প্ৰাণী আনকি মানুহৰ মাজতো কেতিয়াবা এনে বৈসাদৃশ্য দেখিবলৈ পোৱা যায় ৷ ভাৰতৰ বিভিন্ন বনাঞ্চলত দেখিবলৈ পোৱা ঘোং ইয়াৰ এক উৎকৃষ্ট উদাহৰণ ৷ ঘোংৰ বৰণ সলোৱা নাহৰফুটুকী বাঘৰেই এক ৰূপান্তৰ মাথো ৷

হালধীয়া বৰণৰ শৰীৰত ঢেকীয়া পাতৰ ক'লা বৰণৰ সাঁচ থকাৰ বাবেই ঢেকীয়াপতীয়া বাঘ জাকত জিলিকা ৷ বাঘৰ জিনৰ বৈসম্যৰ বাবেই এই ঢেকীয়াপতীয়া বাঘৰ বৰণৰো কাৎচিত হ'ব পৰা বৈসাদৃশ্য দেখা যায় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেখিবলৈ পোৱা সোনোৱালী ঢেকীয়াপতীয়া বাঘ এনে এক অনুবংশিক ৰূপান্তৰ মাথো ৷ উৰিষ্যাৰ চিমলিপাল ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত পোৱা ক'লা বৰণৰ ঢেকীয়াপতীয়া বাঘ এনে এক জিনৰ ৰূপান্তৰ ৷ সোনোৱালী বৰণৰ  বাঘ সচৰাচৰ চিৰিয়াখানাত দেখিবলৈ পোৱা যায় যদিও কাজিৰঙাত এই বাঘৰ উপস্থিতিয়ে বন্যপ্ৰাণী প্ৰেমীৰ উপৰিও বিশেষজ্ঞ সকলৰো দৃষ্টি আকৰ্ষণ কৰিছে ৷ এনে ধৰণৰ শৰীৰৰ বৰণ ৰূপান্তৰিত ঢেকীয়াপতীয়া বাঘকলৈ ৰাষ্ট্ৰীয় জৈৱ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী অধ্যাপক উমাকৃষ্ণন আৰু তেওঁৰ দলে অধ্যয়ন কৰি আছে ৷ এনে বাঘৰ বৈসাদৃশ জিনৰ ৰূপান্তৰ কেৱল আনুবংশিক বিশ্লেষণৰ দ্বাৰাহে নিশ্চিত কৰাতো সম্ভৱ বুলি অধ্যাপক উমাকৃষ্ণনে জনাইছে ৷ 

বিনটুৰং আৰু সৰু হাঁতোৰাৰ উদৰ দৰে অতি বিৰল প্ৰজাতিৰ স্তন্যপায় প্ৰাণীৰ সম্ভেদৰ পিচত সোনোৱালী ঢেকীয়াপতীয়া বাঘ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শৰ বাবে দেশ বিদেশৰ পৰ্যটকৰ বাবে সম্প্ৰতি অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে ৷

*********