কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ সনীপৰ ধোৱাআটি বেলগুৰি গাওঁৰ যুৱক ফিজো দলেলৈ বন্যপ্ৰাণী সংৰক্ষণ বঁটা -২০২২ :

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ সনীপৰ ধোৱাআটি বেলগুৰি গাওঁৰ যুৱক ফিজো দলেলৈ বন্যপ্ৰাণী সংৰক্ষণ বঁটা -২০২২  :
Aiidesh Photo

Aiidesh News : 9th October :

বোকাখাতৰ অগৰাতলি বনাঞ্চলৰ গাতে লাগি থকা ধোবাআটি বেলগুৰি গাওঁৰ যুৱক ফিজো দলেই অসম চৰকাৰৰ বন বিভাগৰ দ্বাৰা প্ৰদান কৰা বন্যপ্ৰাণী সংৰক্ষণ বঁটা - ২০২২  লাভ কৰিছে ৷ প্ৰতি বছৰেই বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি প্ৰদান কৰা এই বঁটা যোৱা ৭ অক্টোবৰত দিচপুৰৰ নেডফি ভৱনত আয়োজিত বন্যপ্ৰাণী সপ্তাহৰ ২০২২ সামৰণি অনুষ্ঠানত বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ফিজো দলেক প্ৰদান কৰে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ নিচেই কাষৰ ধোবাআটি বেলগুৰি গাওঁৰ যুৱক ফিজো দলেয়ে বোকাখাতৰ পশুচিকিৎসা বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষৰীয় গাওঁৰ প্ৰায় ১০ হেজাৰতকৈও অধিক পশুধনক এতিয়ালৈকে প্ৰতিষেধক প্ৰদান কৰিছে ৷ উদেশ্য বন্যপ্ৰাণীৰ সুৰক্ষা ৷ পোহনীয়া পশুৰ দ্বাৰা হ'ব পৰা ৰোগ সংক্ৰমণৰ পৰা কাজিৰঙাৰ বন্যপ্ৰাণীক সুৰক্ষিত কৰাৰ বাবে প্ৰতি বছৰেই কাষৰীয় গাওঁৰ গৰু ম'হক প্ৰতিষেধ প্ৰদানত সহায় কৰি  আহিছে ফিজো দলেয়ে ৷ পশুচিকিৎসা বিভাগৰ এজন মৈত্ৰী স্বেচ্ছাসেৱক হিচাবে ফিজো  দলেই ২০১৯ চনৰ ডিচেম্বৰৰ পৰা  বোকাখাতৰ পশু চিকিৎসা বিভাগৰ লগত সেৱা আগবঢ়াই আহিছে যদিও ২০১৭ চনৰ পৰাই তেওঁ কাৰ্যত: পশুধনৰ প্ৰতিষেধক প্ৰদানৰ কামত সহায় কৰি আহিছিল ৷ ফিজো দলে লগতে বিশ্ব প্ৰকৃতি নিধিৰ জয়ন্ত ডেকায়ো বন্যপ্ৰাণী সংৰক্ষণ ২০২২ বঁটা লাভ কৰাৰ বাবে উৎফুল্লিত হৈছে সকলো ৷ ফিজো দলে ধোবাআটি গাওঁৰ নিৱাসী হীৰা দলে আৰু লীলাৱতী দলেৰ সন্তান ৷

******