স্বেচ্ছাসেৱী সংগঠন 'চেভ পবা ৰেইন ফৰেষ্ট'ৰ সহায়ৰ হাত

স্বেচ্ছাসেৱী সংগঠন 'চেভ পবা ৰেইন ফৰেষ্ট'ৰ সহায়ৰ হাত
চেভ পবা ৰেইন ফৰেষ্ট' নামৰ স্বেচ্ছাসেৱী সংগঠন
স্বেচ্ছাসেৱী সংগঠন 'চেভ পবা ৰেইন ফৰেষ্ট'ৰ সহায়ৰ হাত

কৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি চলি থকা লক ডাউনৰ ফলত তীব্ৰ খাদ্য সামগ্ৰীৰ সংকটত ভোগা দৰিদ্ৰ পৰিয়াললৈ ধেমাজি জিলাৰ জোনাই মহকুমাত আগশাৰীৰ পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী 'চেভ পবা ৰেইন ফৰেষ্ট' নামৰ স্বেচ্ছাসেৱী সংগঠনে আজি সহায়ৰ হাত আগবঢ়ায় । পৰিবেশ সংৰক্ষণৰ বাবে নিৰৱছিন্ন ভাবে কাম কৰি ইতিমধ্যে অসম চৰকাৰ তথা অন্যান্য প্ৰতিষ্ঠানৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা তথা পৰিবেশ, প্ৰকৃতিৰ সংৰক্ষণৰ লক্ষ্যত সদায় মনোনিবেশ কৰা জোনাইৰ একমাত্ৰ বে-চৰকাৰী অগ্ৰনী অনুষ্ঠান 'চেভ পবা ৰেইন ফৰেষ্ট' নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে আজি জোনাই মহকুমাটোৰ অন্তৰ্গত ১৯২৪ চনতে বৃৰ্টিছ চৰকাৰে প্ৰতিষ্ঠা কৰা পবা সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া কাষৰ চিলে, ১ নং ৰিগবি, ২ নং ৰিগবি, যাতায়তৰ ক্ষেত্ৰত অতিকৈ পিছপৰা ভিতৰুৱা অঞ্চল তল চিৰুং , ওপৰ চিৰুং আৰু মধ্য চিৰুং আদি গাঁৱৰ দৈনিক হাজিৰা কৰি কোনোৰকমে চলি থকা প্ৰায় ১৫০ টা অতি দুখীয়া পৰিয়ালৰ মাজত চাউল, দাইল, পিয়াজ মিঠাতেল, নিমখ, বিস্কুট, চাবোন আদি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী ঘৰে ঘৰে গৈ বিতৰন কৰে।

এই সাহায্য সামগ্ৰী বিতৰন কাৰ্যসূচীত 'চেভ পবা ৰেইন ফৰেষ্ট'ৰ সভাপতি ৰয়েল পেগু,  নৰেশ কুম্বাং, ভাস্কৰজ্যোতি টায়েং, শোভ লাহন, হলধৰ মিলি, ৰাজীব পেগু, বিষ্টুৰাম পেগু, মীন বিষয়া লক্ষীনাথ লাগাছু , স্বপনৰণ্জ্ঞন ময়েঙীয়া লক্ষ্য নাথ পেগু, খগিৰাম পেগু, সাংবাদিক দেবেন টায়ুং বিজয় বৰি, , বুদ্ধিনাথ ৰেগন, গনেশ্বৰ কুলি, বিৰগো য়েইন, আদিয়ে উপস্থিত থাকি সাহায্য সামগ্ৰী বিতৰন কৰে আৰু স্বেচ্ছাসেৱী সংগঠনটোৰ এনে মহানুভৱতাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰি বিপুলভাবে প্ৰশংসা কৰে ।

তদুপৰি জোনাইৰ ৰামধন দিখাৰী অঞ্চলৰ ২৬২টা দৰিদ্ৰ পৰিয়ালৰ মাজত আজি ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উদ্যোগত আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ অৰ্থ সাহায্যত অত্যাৱশকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয় । বিপিএফৰ অৰ্থ সাহায্যত ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিক সমিতিয়ে ৰামধন দিখাৰীৰ বগৰীগুৰী, বদলপুৰ, পাখ্ৰীগুৰী, মেচাকি চাপৰি, বৰদণ্ডী, জামুগুৰী, উলুৱনী, মলান, কৰৈবাৰী আদি অঞ্চলৰ পঞ্চাশখন গাঁৱৰ ২৬২ টা পৰিয়ালৰ মাজত চাউল, আলু, নিমখ, মিঠাতেল আদি বিতৰণ কৰে।

ধেমাজি জিলা ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীৰ নেতৃত্বত ৰূপায়ণ কৰা খাদ্য সামগ্ৰী বিতৰণৰ কাৰ্যসূচীত ধেমাজি জিলা ইউবিপিঅৰ সহঃ সাধাৰণ সম্পাদক হেমকান্ত দৈমাৰী, সাংগঠনিক সম্পাদক গুণেশ্বৰ দৈমাৰী, শুক্ৰ বসুমতাৰী, ইউবিপিঅৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ সভাপতি হৰি বসুমতাৰী, সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী,অধ্যক্ষ বিপুল নাৰ্জাৰী, বিষয়ববীয়া জিতেন আলচিয়াৰী,খগেশ্বৰ আলচিয়াৰীৰ লগতে ইউবিপিঅৰ কেবাজনো কৰ্মকৰ্তাই সহযোগিতা আগবঢ়ায় ।

আনহাতে তেলাম অঞ্চলৰ কৰৈবাৰী গাঁৱৰ নিবাসী গোপাল বসুমতাৰীয়ে ব্যক্তিগতভাৱে আজি কৰৈবাৰীৰ চাৰিটা আৰু বগৰীগুৰীৰ আঠটা দৰিদ্ৰ পৰিয়াললৈ অত্যাৱশকীয় খাদ্য সামগ্ৰী আগবঢ়ায়। লক ডাউনৰ সময়ছোৱাত সৰ্বশ্ৰান্ত হোৱা দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণ কৰা বাবে মেচাকি চাপৰি, বগৰীগুৰী, বদলপুৰ, জামুগুৰী, উলুৱনী, মলান আদি অঞ্চলৰ নৈপৰীয়া ,বানপীড়িত ৰাইজে বিপিএফৰ মূৰব্বী হাগ্ৰামা মহিলাৰী আৰু ইউবিপিঅৰ ধেমাজি জিলা, মধ্য জোনাই আঞ্চলিক সমিতিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।