চাওঁতালী নেতা , অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সহকাৰী সম্পাদক উৎপল চাওঁতালৰ দেহৱসান :

Aiidesh News : 19 August - 2025 :
অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সহকাৰী সম্পাদক উৎপল চাওঁতালৰ যোৱা নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত মৃত্যু হয় ৷ যোৱা ৯ আগষ্টত বোকাখাত নগৰৰ মাজ মজিয়াত দৈনিক বজাৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত এখন বাইকে খুন্দা মৰাৰ ফলত গুৰুত্বৰ ভাৱে আহত হৈছিল উৎপল চাওঁতাল । আহত উৎপল চাওঁতালক বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল । পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ গুৱাহাটীতে যোৱা নিশা চিকিৎসাধীন অৱস্থাত উৎপল চাওঁতালে মৃত্যু বৰণ কৰে ।
উৎপল চাওঁতাল আদিবাসী সামাজিক শিক্ষা ও সাংস্কৃতিক সন্থা (এচেকা) কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক, সদৌ অসম চাওঁতাল যুৱ সন্থা "আচ্যা" কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা আৰু সদৌ অসম চাওঁতাল উন্নয়ন সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল । ইয়াৰ উপৰিও তেওঁ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন উপ-সভাপতি, অসম চাওঁতাল সাহিত্য পৰিষদ গোলাঘাট জিলাৰ উপ-সভাপতি আৰু অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সহ-সম্পাদক আৰু বোকাখাতৰ আনন্দপুৰ প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল ।
আজি উৎপলৰ চাওঁতালৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ বোকাখাততে শোকৰ ছাঁ পেলায় । তেওঁৰ মৃত্যুত চাওতালী সমাজৰ বাবে অপূৰ্ণীয় ক্ষতি বুলি বিবেচিত হৈছে । আজি উৎপল চাওঁতালৰ মৃতদেহ গুৱাহাটীৰ পৰা বোকাখাতৰ নিজ ঘৰলৈ অনাৰ সময়ত সাপজুৰি চাওতালী ভৱনত শেষ শ্ৰদ্ধা জনোৱাৰ উপৰিও বোকাখাত চাহ মজদুৰ সংঘৰ কাৰ্যালয়ত বিভিন্ন জনে আদিবাসী নেতা গৰাকীক শেষ শ্ৰদ্ধা জনায় । বোকাখাত মহকুমা সাংবাদিক সন্থা, প্ৰয়াস অধ্যয়ন চক্ৰ, বোকাখাত জাতীয় বিদ্যালয়, আটছা, এচেকা, আদিবাসী সামাজিক শিক্ষা সাংস্কৃতিক সন্থা, চাওতালী সমাজ, আদি বিভিন্ন সংগঠনে বোকাখাতৰ বাসগৃহত উৎপল চাওঁতালৰ নশ্বৰ দেহক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ মৃত্যুৰ সময়ত উৎপল চাওঁতালে পৰিবাৰসহ তিনি কন্যা আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায় ৷
********