নগাঁও কাগজ কলৰ কোটি টকীয়া কুলিং টাৱাৰ ভস্মীভূত

নগাঁও কাগজ কলৰ কোটি টকীয়া কুলিং টাৱাৰ ভস্মীভূত

জ্বলি ছাই হ’ল নগাঁও কাগজ কলৰ কোটি টকীয়া কুলিং টাৱাৰ৷ নিমিষতে দাওদাওকৈ জ্বলিল টাৱাৰটো৷ ঘটনাস্থলীত মৰিগাঁও, ৰহা আৰু সোণাপুৰৰ পৰা অহা তিনিটাকৈ অগ্নিনির্বাপক বাহিনীৰ দলে জুই নির্বাপিত কৰিবলৈ সক্ষম হয়৷

ঘটনাস্থলীত মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ অগ্নিকাণ্ডত প্রায় বিশ কোটি টকাৰ সামগ্রী ক্ষয়-ক্ষতি হোৱা বুলি ধাৰণা কৰা হৈছে৷ উল্লেখযোগ্য যে এই কুলিং টাৱাৰটোৰ সমীপতে আছিল ছাৰফেচ অইলৰ এটা টেংকি৷

উক্ত টেংকিটোলৈ জুই সম্প্রসাৰণ হোৱা হ’লে আৰু অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’লহেঁতেন৷ কোনো দুষ্কৃতিকাৰীয়ে বন্ধ হৈ থকা কলটোৰ সামগ্রী চুৰি কৰিবলৈ পৰিকল্পিতভাৱে অগ্নিসংযোগ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ঘটনাৰ সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷