এছবিআই ফাউণ্ডেচনৰ ৩০ কোটি টকাৰ সাহায্য

এছবিআই ফাউণ্ডেচনৰ ৩০ কোটি টকাৰ সাহায্য
৩০ কোটি টকাৰ সাহায্য

দেশ এক অভাৱনীয় দুর্যোগৰ সন্মুখীন হোৱাৰ সময়ত ভাৰতীয় ষ্টেট বেংকৰ চি এছ আৰ শাখা এছ বি আই ফাউণ্ডেচনে সমগ্র ভাৰতবর্ষত ক’ভিড সাহায্য আঁচনিৰ বাবে ৩০ কোটি টকা প্রদান কৰিছে৷ এছ বি আই ফাউণ্ডেচনে ক’ভিড প্রতিৰোধী যুঁজৰ খাদ্য যোগানত সহযোগিতা, স্বাস্থ্যখণ্ডত আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, স্বাস্থ্যকর্মীসকলৰ সক্ষমতা বৃদ্ধি আৰু আই আই এছ চিৰ সৈতে সন্ধি কৰি ক’ভিড বিষয়ক প্রকল্পত গৱেষণাত হাত উজান দিব ৷ এইবোৰ ৰূপায়ণৰ বাবে এছ বি আই ফাউণ্ডেচনে স্বাস্থ্যৰ বিষয়ত এটা ধ্বজাবাহী আঁচনি আৰম্ভ কৰিছে ৷