আজিৰে পৰা গোৱাত ভাৰতৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ আৰম্ভ : ১০৫ খন দেশৰ ২৯২৬ খন কথাছবি প্ৰদৰ্শিত হ'ব গোৱাৰ মহোৎসৱত :

আজিৰে পৰা গোৱাত ভাৰতৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ আৰম্ভ  : ১০৫ খন দেশৰ ২৯২৬ খন কথাছবি প্ৰদৰ্শিত হ'ব গোৱাৰ মহোৎসৱত  :
Aiidesh Photo
আজিৰে পৰা গোৱাত ভাৰতৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ আৰম্ভ  : ১০৫ খন দেশৰ ২৯২৬ খন কথাছবি প্ৰদৰ্শিত হ'ব গোৱাৰ মহোৎসৱত  :
আজিৰে পৰা গোৱাত ভাৰতৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ আৰম্ভ  : ১০৫ খন দেশৰ ২৯২৬ খন কথাছবি প্ৰদৰ্শিত হ'ব গোৱাৰ মহোৎসৱত  :

Anupam Saikia from Goa :  20 November 2023  : 

গোৱাৰ শ্যামা প্ৰসাদ মুখাৰ্জী ষ্টেডিয়ামত আজি সন্ধ্যাৰ পৰা ভাৰতৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে  ৷  এক আৰম্বপূৰ্ণ অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে গোৱাৰ এই ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ উদ্বোধন কৰে । উদ্বোধনী অনুষ্ঠানত গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ স্বৱানট তথ্য আৰু সম্প্ৰসাৰণৰ ৰাজ্যিক মন্ত্ৰী এল মুৰুগান উপস্থিত থাকে ৷ ব্ৰিটিছ চলচ্চিত্ৰ 'কেচিং ডাষ্ট'ৰ ক উদ্বোধনী ছবি হিচাবে প্ৰদৰ্শন কৰা হয় ৷

আজিৰে পৰা আৰম্ভ হোৱা ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত বিশ্বৰ ১০৫ খন দেশৰ ২৯২৬ খন কথাছবিয়ে অংশগ্ৰহন কৰিছে ৷ যোৱা বছৰতকৈ এই সংখ্যা যথেষ্ট বেছি ৷ এইবাৰৰ মহোৎসৱত বিশ্বৰ বিভিন্ন চলচিত্ৰ মহোৎসৱত পুৰস্কৃত হোৱা ১৯ চলচিত্ৰ প্ৰদৰ্শিত হ'ব ৷ মহোৎসৱত আন্ত:ৰাষ্ট্ৰীয় শিতানত ১৯৮ খন চলচিত্ৰ প্ৰদৰ্শন হোৱাৰ লগতে ১৩ খনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ,  ১৮ খন ছবিৰ আন্ত:ৰাষ্ট্ৰীয় প্ৰিমিয়াৰ, ৬২ খন ছবিৰ এচিয়ান প্ৰিমিয়াৰ আৰু ৮৯ খন ছবিৰ ইণ্ডিয়ান প্ৰমিয়াৰ গোৱাৰ এই ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত অনুষ্ঠিত হ'ব ৷ ইফালে এই মহোৎসৱৰ 'ইণ্ডিয়ান পেনোৰামা শিতানত  ভাৰতৰ পৰা ২৫ খন চলচিত্ৰ আৰু ২০ খন অনান্য চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ'ব ৷  মালায়ালম ভাষাৰ ছবি 'আত্তম' আৰু মণিপুৰী ভাষাৰ ছবি 'এন্দ্ৰো ড্ৰীমছ' দ্বাৰা ভাৰতীয় পেনোৰামা আৰম্ভ কৰা হ'ব ।

প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা শেখৰ কাপুৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ  জুৰী মুৰব্বী হিচাহে নিৰ্বাচিত হোৱাৰ উপকিও পাঁচ জনীয়া জুৰী পেনেলত স্পেনিছ চিত্ৰগ্ৰহণকাৰী জোছ লুইছ আলকেইন আৰু প্ৰযোজক জেৰোম পাইলাৰ্ড, কেথেৰিন ডুচাৰ্ট আৰু হেলেন লিকে অংশগ্ৰহন কৰিব । মহোৎসৱত চলচ্চিত্ৰ নিৰ্মাতা ৰাজকুমাৰ হিৰাণীয়ে চলচিত্ৰ পুৰস্কাৰৰ নতুন শিতান শ্ৰেষ্ঠ ৱেব শৃংখলাৰ বাবে গঠিত পাঁচ জনীয়া জুৰীৰ মুৰব্বী হিচাপে থাকিব ৷

উল্লেখ্য যে এই বছৰ গোৱাৰ ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত হলিউডৰ বিশিষ্ট  অভিনেতা আৰু প্ৰযোজক মাইকেল ডগলাছক সত্যজিৎ ৰায় সোঁৱৰণী জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব । তেওঁ তেওঁৰ নাম ত 2 অস্কাৰ, 5 টা গোল্ডেন গ্লোব বঁটা, এটা প্ৰাইমটাইম এমি বঁটা আৰু আন অগণন সন্মান লাভ কৰিব লাগিব।

আজি সন্ধ্যা আয়োজিত ৫৪ সংখ্যক আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱৰ আৰম্বৰপুৰ্ণ উদ্বোধনী অনুষ্ঠানত বলিউডৰ শ্বাহিদ কাপুৰ, মাধুৰী দিক্ষিত, নুচৰাত ভাৰুচা আৰু ভালে সংখ্যক বলীউডৰ চেলিব্ৰেটীয়ে অংশগ্ৰহন কৰি অনুষ্ঠান প্ৰদৰ্শন কৰে । নদিনীয়া এই চলচ্চিত্ৰ মহোৎসৱত হলিউড অভিনেত্ৰী কেথেৰিন জেটা জোনছৰ লগতে এ আৰ ৰহমান, বিদ্যা বালান, কৰণ জোহৰ আৰু চাৰা আলী খানো উপস্থিত থাকিব । ২৮ নৱেম্বৰত সামৰণি অনুষ্ঠানত আয়ুষ্মান খুৰানা আৰু সংগীত পৰিচালক অমিত ত্ৰিবেদীয়ে অনুষ্ঠান  প্ৰদৰ্শন কৰিব ।

*********