কোৰোনা নিগেটিভ হোৱা তিনি শ্ৰমিকক শুৱনি গাঁৱত প্ৰৱেশত বাধা স্থানীয় ৰাইজৰ ;; যোৰহাটৰ ভোগদৈ মুখৰ containment zone ত প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ

কোৰোনা নিগেটিভ হোৱা তিনি শ্ৰমিকক শুৱনি গাঁৱত প্ৰৱেশত বাধা স্থানীয় ৰাইজৰ ;;   যোৰহাটৰ ভোগদৈ মুখৰ containment zone ত প্ৰতিক্ৰিয়া স্থানীয় ৰাইজৰ

যোৱা ২৮ জুনত যোৰহাট নগৰৰ শুৱনি গাঁৱৰ ভাড়া ঘৰত থকা বিহাৰৰ তিনি জন ঠেলাৱালা কোৰোনা  পজিটিভ হোৱাত শুৱনি গাঁৱৰ লগতে নগৰৰ মাৰোৱাৰী পত্তি ,চেম্বাৰ ৰড  আদি অঞ্চল প্ৰশাসনে   containment Zone ঘোষণা কৰি সম্পূৰ্ণৰূপে ছিল কৰি দিছিল । কিন্তুবুধবাৰে সেই শ্ৰমিক কেইজনৰ টেষ্ট নিগেটিভ অহাত স্বাস্থ্য বিভাগে তেওঁলোকক শুৱনি গাঁৱৰ ভাড়া ঘৰলৈ থবলৈ অহাত গাঁৱৰ স্থানীয় লোকসকলে বাধা দিয়ে । গাৱঁৰ লোকসকলে অভিযোগ কৰা মতে স্বাস্থ্য বিভাগে সেই শ্ৰমিক কেইজনক নিয়াৰ পাছত কেৱলcontainment zone ঘোষনা কৰিয়েই দায়িত্ব সামৰে । সেই অঞ্চলত আজি পয্যন্ত কোনো লোকৰ টেষ্ট কৰা নাই আৰু চেনিটাইজও কৰা নাই । আমি এনেই আবদ্ধ হৈ থাকিবলগীয়া হৈছে । স্বাস্থ্য বিভাগৰ লগতে জিলা প্ৰশাসনেও কোনো সু দায়িত্ব বহন নকৰাৰ অভিযোগ উত্থাপন কৰিছে শুৱনি গাঁৱৰ ৰাইজে ।  উপায়হীন হৈ  স্বাস্থ্য বিভাগে  ইতিমধ্যে নিগেটিভ হোৱা তিনি শ্ৰমিকক অম্বুলেঞ্চত কোনো স্থানলৈ লৈ যায় ।