বোকাখাতৰ বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ত স্থানীয় ৰাইজৰ সহযোগত হাতী মানুহৰ সংঘাত নিৰাময়ৰ গুৰুত্বপূৰ্ণ সভা ⦂
Aiidesh News : 8 November - 2024 :
বোকাখাতৰ বিভিন্ন প্ৰান্তত আৰম্ভ হোৱা হাতী মানুহৰ সংঘাটৰ পটভুমিত আজি বোকাখাতৰ পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ড০ সোনালী ঘোষ, বোকাখাতৰ মহকুমা আৰক্ষী বিষয়া অতুল কুমাৰ আৰু ডি এফ অ′ অৰুণ বিঘ্নেশৰ উপস্থিতি অনুষ্ঠিত এই সভাত বোকাখাতৰ বিভিন্ন অঞ্চলৰ গাওঁৰক্ষী বাহিনীৰ প্ৰতিনিধি, পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ সদস্য, গাওঁৰ পৰা অহা লোক আৰু বিভিন্ন বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰে ৷
সঞ্চালকৰ কাৰ্যালয়ৰ অধীক্ষক গীতাঞ্জলি কলিতাই আঁত ধৰা এই অনুষ্ঠানত বোকাখাতৰ বিভিন্ন প্ৰান্তত হোৱা হাতী মানুহৰ সংঘাতৰ কাৰণ আৰু সমাধানৰ দীৰ্ঘকালীন আৰু হস্বকালিন উপায়ৰ বিশষে উপস্থিত লোক সকলে বিভিন্ন উপায়ৰ পৰামৰ্শ দিয়াৰ উপৰিও বেচৰকাৰী সংগঠনৰ প্ৰতিনিধি সকলে এই সমস্যা সমাধানৰ বাবে সাহাৰ্য আগবঢোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ সভাত সৌৰচালিত বৈদ্যুতিক তাঁৰৰ বেৰাৰ ইতিবাচক নেতিবাচক দিশ, হাতীৰ পৰিৱৰ্তিত গতি পথ , হাতীৰ পৰিৱৰ্তিত আচৰণৰ , কৃষকৰ ক্ষয়ক্ষতি , পহৰাৰ বাবে টঙীঘৰ নিৰ্মান, শস্য সুৰক্ষাৰ ব্যৱস্থা আদিৰ ওপৰত আলোচনা কৰি কেতবোৰ সিধান্তও গ্ৰহন কৰা হয় ৷ সভাত কাৰ্বি আংলং জিলাত হোৱা বন ধ্বংসৰ বিষয়ে ব্যৱস্থা গ্ৰহন কৰিবৰ বাবেও উপস্থিত ৰাইজে অনুৰোধ জনায় ৷ সভাত সকলোয়ে দলবদ্ধ ভাৱে হাতী মানুহৰ সংঘাত নিৰাময়ৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ৷ বিষয়া গৰাকীয়ে হাতী অধ্যুষিত অঞ্চলবোৰত বিকল্প কৃষি বা পৰিৱেশ অনুকুল জীৱিকাৰ বাৱে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰি প্ৰতিবেদনৰ লগতে পৰামৰ্শ দিবৰ বাবেও অনুৰোধ কৰে ৷ সভাত বোকাখাত বনাঞ্চলৰ বনাঞ্চলিক বিষয়া মনজিত সোনোৱাল, আগৰাতলি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা, গাওঁৰক্ষী বাহিনীৰ বোকাখাত থানা সমিতিৰ সভাপতি মৃদুল বৰা আৰু চক্ৰ সংগঠক আৰিফ আহমেদো উপস্থিত থাকে ৷
************