এজন উদীয়মান কৃষকধ্ৰুৱজোতি

এজন উদীয়মান কৃষকধ্ৰুৱজোতি

যি সময়ত নিৱনুৱা সমস্যা দেশৰ এক জলন্ত সমস্যা হিচাপে চিহ্নত হৈছে ,থিক তেনে সময়তে বহু শিক্ষিত নিৱনুৱাই কিন্তু এই সমস্যাক সমস্যা বুলি নাভাবি কৃষি কৰ্মৰে নিজকে সংস্হাপিত কৰি তুলিছে | লক ডাউনৰ মাজতে শাক পাচলি খেতিত ব্যস্থ  এই জন শিক্ষিত এজন যুৱক জন।যোৰহাট বালিচাপৰি বৰখাট গাৱৰ এই জন ধ্ৰুৱজোতি বৰা,| ২০০৩ চনতে স্নাতক ডিগ্ৰীধাৰী এইজন উদীয়মান যুৱকে নিজকে নিৱনুৱা বুলি চিনাকী নিদিয়াৰ মানসেৰে নিজকে কৃষি কৰ্মত আত্ম নিয়োগ কৰে || নিজকে কৃষক হিচাপে চিনাকী দি গৌৰৱ কৰে ধ্ৰুৱজোতিয়ে ||
বৰ্তমান ১০ বিঘাতকৈয়ো অধিক মাটিত লাউ ,জিকা,কোমোৰা, তৰৈ  আদিৰ খেতি কৰি সশ্য শ্যামলা কৰি তুলিছে নিজৰ কৃষি পথাৰ || কৃষি কৰ্মৰে মাহিলী ৬০/৭০ হাজাৰ টকা উপাৰ্জন কৰে এই জন উদ্যোগী কৃষকে ||সচাকৈয়ে নৱ প্ৰজন্মৰ বাবে এওলোক প্ৰেৰণাৰ উৎস
কিন্তু পৰিতাপৰ বিষয় ,কিয় কোনো চৰকাৰী আচনিয়ে ঢুকি নাপায় এই সকল প্ৰ্কৃত কৃষকক ? এই কথাই আক্ষেপিত কৰি তুলিছে কৃষক জন