৩০ আগষ্টৰ পৰা নিম্নগামী হোৱাৰ সম্ভাৱনা আছে নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ :

৩০ আগষ্টৰ পৰা নিম্নগামী হোৱাৰ সম্ভাৱনা আছে নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ :
Source - CWC

 

কেন্দ্ৰীয় জল আয়োগৰ ২৮ আগষ্টৰ পুৱাৰ তথ্য মতে উজনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ স্থিতিৰ সম্পৰ্কত এইদেশৰ এক বিশেষ প্ৰতিবেদন  -

Aiidesh Report : 28 August 2023 :

ধনশিৰিমুখ - যোৱা নিশাটোত ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ পুৰ্বতকৈ ০.২১ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ সম্প্ৰতি ধনশিৰিমুখত বিপদসীমাৰ ১.০৩ মিটাৰ ওপৰত আছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ৷ পুৰ্বানুমান মতে ৩১ আগষ্টৰ পৰা ধনশিৰিমুখত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

নিমাতীঘাট - ২৭ আগষ্টৰ নিশাটোত নিমাতীঘাটত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ ০.০৩ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ সম্প্ৰতি নিমাতীঘাটত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বিপদসীমাৰ ০.৯৯ মিটাৰ ওপৰত আছে ৷ পুৰ্বানুমানমতে ৩০ আগষ্টৰ পৰা জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

ডিব্ৰগড় - ২৮ আগষ্টৰ পুৱাৰ তথ্য মতে ২৭ আগষ্টৰ নিশা ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ০.১৯ মিটাৰ বৃদ্ধি পাইছে ৷ সম্প্ৰতি বিপদসীমাৰ ০.১১ মিটাৰ ওপৰেদি বৈ আছে জলপৃষ্ঠ আৰু পানী বাঢ়ি থকাৰ সম্ভাৱনা যদিও ২৯ আগষ্টৰ নিশাৰ পৰা জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

পাচিঘাট - পাচিঘাটতো চিয়াং নদীৰ জলপৃষ্ঠ ২৭ আগষ্টৰ নিশা ০.২১ মিটাৰ বৃদ্ধি পাইছে আৰু পানী বাঢ়ি আছে ৷ পাচিঘাটত সম্প্ৰতি চিয়াং নদীৰ জলপৃষ্ঠ সংকেত সীমাৰ ০.৬৮ মিটাৰ ওপৰত আছে ৷ পুৰ্বানুমান মতে ২৯ আগষ্টৰ পৰা পাচিঘাটতো জলপৃষ্ঠ নিম্নগামী হোৱাৰ সম্ভাৱনা আছে ৷

*********