গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ

গোলাঘাটত বৃহৎ পৰিমাণৰ গুটখা আৰু জৰ্দা জব্দ

কৰোনা  সংক্ৰামণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটত নিষিদ্ধ কৰা গুটখা আৰু জৰ্দাৰ গোপনে ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল এচাম  অসাধু ব্যৱসায়ীয়ে । গোলাঘাটৰ তেতেলীতলৰ গুটখা মাফিয়া আবু আহমেদৰ বাসগৃহৰ পৰা উদ্ধাৰ প্ৰায় 15 লাখ টকাৰ গুটখা, জৰ্দা। লকডাউনৰ সময়ছোৱাত আবুৰ লগতে গোলাঘাটৰ কেইবাগৰাকী গুটখা ব্যৱসায়ীয়ে অধিক মূল্যৰ বিনিময়ত চলাই আহিছিল নিষিদ্ধ ঘোষিত উক্ত ব্যৱসায়টো। আবুৰ ঘৰৰ পৰা আৰক্ষীয়ে দুশ কাৰ্টুন শিখৰ, ৰজনীগন্ধা আৰু জৰ্দা উদ্ধাৰ কৰি জব্দ কৰে। পূৰ্বেও  আবুৰ ঘৰত আৰক্ষীয়ে অভিযান চলাইছিল যদিও এইধৰণৰ বৃহৎ পৰিমাণৰ গুটখা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত অভিযান চলাই জব্দ কৰে গুটখা আৰু জৰ্দা।