কাউণ্টী ক্রিকেটত নেখেলে পূজাৰাই

কাউণ্টী ক্রিকেটত নেখেলে পূজাৰাই
Image Courtesy : NDTV Sports

কাউণ্টী চেম্পিয়নশ্বিপত গ্লষ্টাৰশ্বায়াৰৰ হৈ প্রথম ছখন খেলত অংশ লোৱাৰ কথা আছিল ভাৰতীয় বেটছমেন চেতেশ্বৰ পূজাৰাই৷ পিছে মহামাৰীৰ ৰূপ লোৱা কৰ’না ভাইৰাছৰ বাবে গ্লষ্টাৰশ্বায়াৰৰ হৈ পূজাৰাৰ সেই চুক্তি বাতিল হৈছে৷

৭৭খন টেষ্টত ভাগ লৈ ৪৮.৬৬ গড়়ে ৫,৮৪০ ৰান গোটাই থকা পূজাৰাই ক্লাবটোৰ হৈ কাউণ্টী ক্রিকেটৰ ছখন খেলত নমাৰ কথা আছিল৷ পিছে সমগ্র বিশ্বজুৰি মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই অহা কৰ’না ভাইৰাছৰ বাবে গ্লষ্টাৰশ্বায়াৰে উক্ত চুক্তি এই মুহূর্তত বাতিল কৰা বুলি ঘোষণা কৰে৷

উল্লেখ্য যে ইংলেণ্ড আৰু ৱেলছ ক্রিকেট ব’র্ডে বিধবংসী ভাইৰাছবিধৰ বাবে ২৮ মে’পর্যন্ত সকলো প্রফেছনেল ক্রিকেট স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল৷