বোকাখাতৰ লতাবাৰীত স্থানীয় লোকে জ্বলালে গৰু চোৰে গৰু নিৱলৈ ব্যৱহাৰ কৰা বিলাসী গাড়ী :

Aiidesh News :  29 March - 2025  :

বোকাখাতৰ লতাবাৰীত আজি পুৱতি নিশা স্থানীয় লোকে জ্বলাই দিয়ে গৰু চোৰে গৰু নিবলৈ ব্যৱহাৰ কৰা এখন বিলাসী গাড়ী ৷ লতাবাৰীৰ আহোম গাওঁত যোৱা নিশা পুনম মাঝিৰ ঘৰৰ গোহালিৰ পৰা চোৰে চাৰিটা গৰু খুলি আনি বিলাসী বাহনত তাৰ্ এটা ভৰাবলৈ চেষ্টা কৰাৰ সময়তেই গাঁওৰক্ষী বাহিনীৰ সদস্যই প্ৰতক্ষ কৰে ৷ চোৰে গৰু নি বিলাসী গাড়ীত উঠোৱা দেখি চিঞৰ বাখৰ কৰাত গৰু আৰু বিলাসী বাহন এৰি পলায়ন কৰে গৰু চোৰৰ দল ৷ ঘটনাস্থলী উপস্থিত হোৱা স্থানীয় লোকে উত্তেজিত হৈ জ্বলাই দিয়ে চোৰে গৰু নিবলৈ ব্যৱহাৰ কৰা AS12 AA 2648 নম্বৰৰ বিলাসী বাহনখন ৷ গৰু চোৰৰ দলটোত চাৰিজন চোৰ থকা বুলি স্থানীয় লোকে জানিবলৈ দিছে ৷ ঘটনাৰ পিচতেই ঘটনাস্থলীত বোকাখাত আৰক্ষী আৰু অগ্নি  নিৰ্বাপক বাহিনী উপস্থিত হৈ গাড়ীত লগা নি জুই নিৰ্বাপন কৰে ৷ ইফালে ঘটনাস্থলীৰ পৰা পলায়ন কৰা এটা গৰু চোৰক সমীপৰে বৰজুৰিত খেদি খেদি কৰায়ত্ব কৰে স্থানীয় লোকে ৷ ধৃত চোৰটো নগাওঁ চামগুৰিৰ  দিলদাৰ হুছেইন বুলি জানিব পৰা গৈছে ৷ ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ উপৰিও ঘটনাৰ সন্দৰ্ভক অধিক তথ্যৰ বাবে ধৃত গৰু চোৰক জেৰা চলাইছে বোকাখাত আৰক্ষীয়ে ৷  

*********