কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন

কাজিৰঙাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বান পৰিস্থিতি পৰিদৰ্শন

 

 কাজিৰঙাত এখন সুপৰিচালিত পূৰ্ণ পৰ্যায়ৰ অৰ্কিড উদ্যান থাকোতেও আন এখন চৰকাৰী অৰ্কিড উদ্যানৰ প্ৰয়োজনীয়তা কি আমি বুজি পোৱা নাই ৷ বুজি পাইছো এয়া চৰকাৰী পক্ষৰ অখিল গগৈৰ প্ৰতি কৰা এক প্ৰতিশোধমূলক আঁচনি মাত্ৰ৷” আজি মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত এখন অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন কৰাৰ প্ৰসংগত এইদৰে মন্তব্য কৰে কাজিৰঙাবাসী একাংশ লোকে ৷ উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজিৰঙাত উপস্থিত হৈ অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷ তাৰ পিছত কাজিৰঙাত এটা বানশিবিৰ পৰিদৰ্শন কৰে ৷ ইফালে, বানশিবিৰত বন্যাৰ্তৰ কাষত মাত্ৰ এক-ডেৰ মিনিটৰ বাবে উপস্থিত হৈ কেৱল আনুষ্ঠানিকতা সম্পন্ন কৰা বুলি ৰাইজে মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে ৷ ৰাইজৰ অভিযোগ অনুসৰি, মুখ্যমন্ত্ৰীৰ বাবে পুৱাৰে পৰা অতি আগ্ৰহেৰে বাট চাই আছিল বন্যাৰ্ত ৰাইজ৷ দুআষাৰ কথা পাতি দুখ-দুৰ্দশাৰ কথা ব্যক্ত কৰাৰ আশাৰে ৰাইজ ৰৈ আছিল যদিও মুখ্যমন্ত্ৰীগৰাকী বানশিবিৰটোত উপস্থিত হৈ কেৱল বয়-বস্তু সঠিককৈ পাইছেনে নাই সেয়া সুধিয়েই দায়িত্ব সামৰে বুলি ৰাইজে সাংবাদিকৰ আগত ক্ষোভ ব্যক্ত কৰে৷ ইফালে, ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ কাৰণে যেতিয়া হাইলেণ্ড নিৰ্মাণ কৰিব পাৰিছে, বানাক্ৰান্ত জনসাধাৰণৰ বাবেও তেনে কিবা ব্যৱস্থা কিয় নকৰে বুলিও প্ৰশ্ন উত্থাপন কৰে৷ ইয়াৰ পিছতে তেওঁ কাজিৰঙাৰ পাণবাৰীস্থিত  

বন্যপ্ৰাণী উদ্ধাৰ আৰু পুণৰসংস্থাপন কেন্দ্ৰলৈ যায়৷ শেহতীয়া বানত মাতৃৰ পৰা বিচ্চিন্ন হৈ পৰা এটা গঁড় পোৱালী আৰু এটা বাঘ পোৱালী উদ্ধাৰ কৰা হৈছিল৷ মুখমন্ত্ৰী সোণোৱালে মাতৃহাৰা পোৱালী দুটাৰ লগতে কেন্দ্ৰটোত চিকিৎসাধীন হৈ থকা অন্য জীৱ-জন্তুবোৰৰ স্বাস্থ্যৰ বুজ লয়৷ গঁড় পোৱালীটোক মুখ্যমন্ত্ৰীয়ে নিজহাতে গাখীৰো খুৱায়৷ তাৰ পিছত তেওঁ বাগৰিলৈ গৈ নাৱেৰে উদ্যানৰ ভিতৰৰ বনপানীৰ বুজ লয়৷ কাজিৰঙা সঞ্চালক পি. শিৱকুমাৰৰ পৰিচালনাত মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্যানৰ অন্তৰ্ভাগ দৰ্শন কৰাৰ লগতে মুৰফুলনি বনশিবিৰলৈ যায়৷ নাৱৰ পৰাই মুৰফুলনি বনশিবিৰৰ বনৰক্ষীসকলৰ লগত কথা পাতে৷ উদ্যানৰ অন্তৰ্ভাগত কেইবাটাও হাইলেণ্ডত বহুসংখ্যক গঁড়ে আশ্ৰয় গ্ৰহণ কৰা দেখা পাই মুখ্যমন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে৷ কাজিৰঙাত হাইলেণ্ডবোৰ নিৰ্মাণ হোৱাৰ বাবেই এইবাৰ বন্যজন্তু বাহিৰলৈ কমকৈ ওলাইছে আৰু পানীত ডুবি মৰা জন্তুও অতি কম বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্ৰীজনৰ এই যাত্ৰাত সহযোগিতা কৰে মন্ত্ৰী অতুল বৰা, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু লাহোৱাল সমষ্টিৰ বিধায়ক গৰাকীয়ে৷ উদ্যান দৰ্শন কৰি উভটি আহি কঁহৰাৰ পূবৰ্ৰ বোটানিকেল গাৰ্ডেনখনত ১৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’ব লগা অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন কৰে৷ জানিব পৰা মতে , অহা দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ‘ব উক্ত উদ্যানখন৷ ইফালে, কেৱল অখিল গগৈৰ কৰ্ম-আদৰ্শৰ বিপৰীতে গৈ প্ৰতিযোগিতামূলক ভাৱে কৰা আধাৰশিলা বুলি ৰাইজে চৰ্চা কৰিছে৷