পৃথিৱীৰ ১৫ খন দেশত এতিয়ালৈকে এগৰাকীও কৰোণা ৰোগীৰ ধৰা পৰা নাই

পৃথিৱীৰ ১৫ খন দেশত এতিয়ালৈকে এগৰাকীও কৰোণা ৰোগীৰ ধৰা পৰা নাই
পৃথিৱীৰ ১৫ খন দেশ

পৃথিৱীৰ আটাইতকৈ ধনী দেশখন হৈছে আমেৰিকা আৰু তৃতীয় বিশ্বৰ এখন (উন্নয়নশীল) দুখীয়া দেশ হৈছে উত্তৰ কোৰিয়া। সম্প্ৰতি গোটেই পৃথিৱীৰ ভিতৰত আমেৰিকাত ক'ৰোনা ভাইৰাছত আক্রান্ত হৈ সৰ্বাধিক এতিয়ালৈকে ৩৫,৫৭৮ গৰাকী লোকৰ মৃত্যু ঘটিছে । আনহাতে, এই সময়ছোৱাত আমেৰিকাৰ শত্ৰু ৰাষ্ট্ৰ উত্তৰ কোৰিয়াত কৰোণাত কোনো লোক আক্রান্ত হৈ মৃত্যু মুখত পৰাৰ বিশ্বাসযোগ্য আৰু আনুষ্ঠানিক তথ্য পোহৰলৈ অহা নাই।

আমেৰিকাৰ জন হপকিন্স বিশ্ববিদ্যালয় ৰ ১৬ এপ্ৰিলৰ তথ্য মতে সমগ্ৰ বিশ্বত যি সময়ত ক'ৰোনা ভাইৰাছে "দেহছৎ" সৃষ্টি কৰিছে, সেই সময়ত পৃথিৱীৰ  ১৫ খন দেশত এতিয়ালৈকে এগৰাকীও কৰোণাত ৰোগীৰ মৃত্যু অথবা এই ৰোগ ধৰা পৰা নাই। এই ১৫ দেশীয় তালিকাত এছিয়া মহাদেশৰ তিনিখন দেশ যথাক্ৰমে নৰ্থ কোৰিয়া, তাজাকিস্তান আৰু তুর্কমেনিয়াৰ নাম উল্লেখ আছে।

আফ্ৰিকা মহাদেশৰ দুখন দুখীয়া দেশ যথাক্ৰমে কমোৰোছ আৰু লেছোথো ত এতিয়ালৈকে এজনো লোক ক'ৰোনা ভাইৰাছৰ আক্ৰমণৰ বলি হোৱা নাই। ভাৰত মহাসাগৰৰ আটাইতকৈ ডাঙৰ দ্বীপ ৰাষ্ট্ৰ মাদাগাছকা আৰু আফ্ৰিকা মহাদেশৰ মাজত কমোৰোছ নামৰ দ্বীপ ৰাষ্ট্ৰখন অৱস্থিত। আনহাতে, দক্ষিণ আফ্ৰিকাৰ মাজত অৱস্থিত লেছোথোত এখন দৰিদ্ৰ তথা দ্বীপ ৰাষ্ট্ৰ ।

বিশ্ব ত্রাস ক'ৰোনা ভাইৰাছে এতিয়াও কোনো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা নাই  প্রশান্ত মহাসাগৰীয়  অঞ্চলৰ ১০ খন ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰত । ক'ৰোনা ভাইৰাছত এজনো লোক এতিয়ালৈকে আক্রান্ত নোহোৱাপ্রশান্ত মহাসাগৰীয়  অঞ্চলৰ  ১০ খন সৰু দেশ হৈছে --মার্শাল দ্বীপপুঞ্জ, টঙ্গা, সামোয়া, কিৰীবাতি, টুভালু, সলোমন দ্বীপপুঞ্জ, নাউৰু, পালাউ, ভানুয়াতু আ ফেডাৰেল স্টেট মাইক্রোনেছিয়া।