বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘিনীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সফলতাৰে পুনৰ সংস্থাপন :

বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘিনীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  সফলতাৰে পুনৰ সংস্থাপন :
Photo : Uttam Saikia
বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘিনীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  সফলতাৰে পুনৰ সংস্থাপন :

বানৰ কৱলৰ পৰা উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘিনীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত  সফলতাৰে পুনৰ সংস্থাপন :


AIIDESH NEWS.17 July : 


কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ সমীপৰ বাঘমাৰী গাওঁৰ প্ৰবীন বৰা নামৰ লোক জনৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰি অনা  ঢেকীয়াপতীয়া বাঘিনীজনী আজি পুৱা সফলতাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় ৷ বানপানীৰ কৱলত পৰি দুবছৰীয়া বাঘিনীজনীয়ে মানুহৰ ঘৰত আশ্ৰয় লৈছিল ৷
১৫ জুলাইত কাজিৰঙাৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ পশু চিকিৎসক ডা৹ চামচুল আলীৰ নেতৃত্বত যোৱা উদ্ধাৰকাৰী দলে স্থানীয় লোক আৰু বনকৰ্মীৰ সহযোগত অতি সফলতাৰে বাঘজনীৰ শৰীৰত চেতনা নাশক প্ৰয়োগ কৰি কৰায়ত্ব কৰি কেন্দ্ৰটোলৈ আনিছিল  ৷ 
কেন্দ্ৰত দুটা দিনৰ পৰ্যবেক্ষণ আৰু স্বাস্থ্য পৰীক্ষাৰ শেষত আজি পুৱতি নিশা ঢেকীয়াপতীয়া বাঘিনীজনীক ৰাষ্ট্ৰীয় উদ্যানত সফলতাৰে মুকলি কৰি দিয়া হয় ৷ বাঘিনীজনীক বনত মুকলি কৰাৰ সময়ত কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰ , ডি এফ অ' ৰমেশ কুমাৰ গগৈ , গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা , ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া উপ সঞ্চালক ড৹ ৰথীন বৰ্মনো উপস্থিত থাকে ৷ দুবছৰীয়া বাঘিনীজনীক সফলতাৰে পুনসংস্থাপন কৰাৰ পাচত অঞ্চলটোত বাঘিনীজনীৰ বিচৰণ পৰ্যবেক্ষনৰ বাবে স্বয়ংক্ৰিয় কেমেৰা স্থাপন কৰা হৈছে বুলি জনাইছে সঞ্চালক পি শিৱকুমাৰে ৷