মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্বৰ বাবেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ল গৌৰৱ গগৈ : বোকাখাতৰ পথ সভাত গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া :

Aiidesh News : 2 June - 2025 :
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে যোৱা নিশা শিৱসাগৰৰ পৰা নগাঁও অভিমূখে কৰা যাত্ৰাৰ সময়ত বোকাখাত সমষ্টিৰ কেইবাখনো পথ সভাত অংশ গ্ৰহন কৰি বৰ্ত্তমান চৰকাৰক সমালোচনা কৰি ভাষণ দিয়ে । সন্ধিয়া বোকাখাত নগৰৰ মাজ মজিয়াত অনুষ্ঠিত এখন পথ সভাত নৱ নিযুক্ত সভাপতি গৰাকীয়ে কয় যে ২০১৪ চনত বোকাখাতৰ পৰাই তেওঁ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰিছিল । দুবাৰকৈ সাংসদ হিচাপে ৰাইজে নিৰ্বাচিত কৰিছিল । সেয়েহে ৰাজীৱ ভবনত প্ৰবেশ কৰাৰ আগতেই এই অঞ্চলৰ ৰাইজৰ আশীৰ্বাদ গ্ৰহন কৰিবৰ বাবে এই অঞ্চললৈ তেওঁ আজি আহিছে । ২০২৬ চনত কংগ্ৰেছৰ নেতৃত্বতে চৰকাৰ হ'ব বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে ক্ষমতা বা ধনৰ বাবে আমাৰ চৰকাৰ গঠনৰ উদ্দেশ্যে নহয়। আমাৰ উদেশ্য গ্ৰাম্য অৰ্থনীতিৰ উন্নয়ন । ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীক আগবঢ়াই নিয়া, পূজিপতি বা ডাঙৰ ঠিকাদাৰ বিপৰীতে সৰু সৰু ঠিকাদাৰৰ দ্বাৰা উন্নয়নমূলক কামত কৰা আদি আমাৰ মূল উদ্দেশ্য । অতি সোনকালে তেওঁ কাৰ্বি আংলং জিলালৈ গৈ কংগ্ৰেছৰ ভেটি সৱল কৰিব ৷ ২০২৬ নিৰ্বাচনত শাসনাধিষ্ট চৰকাৰক ক্ষমতাচ্যূত কৰা হ'ব বুলি গৌৰৱ গগৈয়ে উল্লেখ কৰে। সভাৰ আৰম্ভণিতে বিধায়িনী দলৰ নেতা দেবব্ৰত শইকীয়াই বিজেপি চৰকাৰৰ অপশাসন আৰু শোষন অসমৰ জনসাধাৰণে উৎখাত কৰিব বুলি উল্লেখ কৰি ৰাইজক সাজু হ’বৰ বাবে আহ্বান জনায়। বোকাখাতৰ পথ সভাত দলটোৰ কাৰ্যকৰী সভাপতি ৰজলীনা তিৰ্কী, দলীয় বিষয়ববীয়া প্ৰদিপ চৰকাৰ ,গোলাপ শইকীয়া, সীমান্ত শইকীয়া, জিতু শইকীয়া, আদি উপস্থিত আছিল। পথ সভাৰ আঁতধৰে লক্ষী শইকীয়াই আঁত ধৰা পথ সভাত কৰা মন্তব্যৰ পৰা লক্ষ্য কৰিব পাৰি যে অখিল গগৈ আৰু অজিত ভূঞাক এতিয়াই সেউজ সংকেত দিব খোজা নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কংগেছৰ নৱ নিযুক্ত সভাপতি গৌৰৱ গগৈয়ে ! প্ৰদেশ কংগ্ৰেছৰ সকলো স্তৰৰ নেতা-কৰ্মীৰে আলোচনা কৰাৰ পিছতহে বিৰোধী ঐক্য মঞ্চৰ প্ৰসংগত গৌৰৱ গগৈয়ে ল'ব সিদ্ধান্ত বুলি মন্তবেৃ্য কৰে । ১০ ছেপ্তেম্বৰত গৌৰৱ গগৈৰ পাকিস্থান যাত্ৰাৰ সম্পৰ্কত খোলাচা কৰিব বুলি মুখ্যমন্ত্ৰীৰ দিয়া ভাবুকি সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গৌৰৱ গগৈয়ে । মুখ্যমন্ত্ৰীৰ বাবেহে গৌৰৱ গগৈয়ে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদ লাভ কৰা বুলি ওলোটাই আক্ৰমণাত্মক মন্তব্য কৰে যোৰহাটৰ সাংসদজন ।
*********