নিজামুদ্দিন মাৰ্কাজৰ মুৰববী মৌলানা ছাদৰ অৱশেষত ধৰা পৰিল

নিজামুদ্দিন  মাৰ্কাজৰ মুৰববী মৌলানা ছাদৰ  অৱশেষত ধৰা পৰিল
নিজামুদ্দিন মাৰ্কাজৰ মুৰববী মৌলানা ছাদৰ অৱশেষত ধৰা পৰিল

নিজামুদ্দিন মাৰ্কাজ আৰু তবলিগী জামাতৰ মুৰববী মৌলানা ছাদ বর্তমান নতুন দিল্লীৰ জাকিৰ নগৰ অঞ্চলত থকা বুলি জানিব পৰা গৈছে৷ দিল্লীৰ আৰক্ষীয়ে তেওঁক জেৰা কৰিবলৈ পৰিকল্পনা কৰিছে, কিন্তু তেওঁৰ ছেলফ-কুৱাৰেণ্টাইন পিৰিয়ড শেষ হোৱাৰ পাছতহে তেওঁক জেৰা কৰা হ’ব৷

কৰ’না ভাইৰাছৰ প্রাদুর্ভাৱৰ কাৰণে চৰকাৰে জাৰি কৰা নীতি-নির্দেশক ছাদে অসন্মান কৰিছিল৷ আৰক্ষীয়ে সকীয়াই দিয়া সত্ত্বেও তেওঁ মার্চত নিজামুদ্দিন মার্জত এটা ধর্মীয় সমাৱেশৰ আয়োজন কৰিছিল৷ দেশ-বিদেশৰ হাজাৰ হাজাৰ লোকে সমাৱেশত অংশগ্রহণ কৰিছিল আৰু তাৰ ভিতৰত ৬০০ৰো অধিক অংশগ্রহণকাৰীৰ কভিড-১৯ পজিটিভ পোৱা হয়৷

তেওঁলোকৰ সংস্পর্শলৈ আহিছিল দেশৰ প্রায় ২৫ হাজাৰ লোক৷ লকডাউনৰ নির্দেশ উলংঘা কৰি ধর্মীয় সমাৱেশ পতাৰ বাবে তবলিগী জামাতৰ নেতা ছাদকে ধৰি সাতজন লোকৰ বিৰুদ্ধে কালি নিজামুদ্দিন থানাৰ আৰক্ষীয়ে এখন এজাহাৰ দাখিল কৰে৷

তাৰ ভিত্তিত আজি দিল্লী আৰক্ষীৰ অপৰাধ শাখাই ছাদ আৰু অন্যান্যসকললৈ চি আৰ পি চিৰ ৯১নং ধাৰাৰ অধীনত বিতং বিৱৰণ বিচাৰি জাননী জাৰি কৰে৷ ছাদৰ অধিবক্তা তৌছিফ খানে পি টি আইক কয়, ‘ছাদ বর্তমান ছেলফ কুৱাৰেণ্টাইনত আছে আৰু ১৪ দিন পাৰ হোৱাৰ পাছত তেওঁ তদন্তত সহযোগ কৰিব৷’