ৰাজ্যৰ বিভিন্ন ঠাইত বীৰাংগনা সাধনীক স্মৰণ

ৰাজ্যৰ বিভিন্ন ঠাইত বীৰাংগনা সাধনীক স্মৰণ
মহাৰাণী আই সাধনীৰ স্মৃতি দিৱস

এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি নিজ মাতৃভূমিৰ ৰক্ষাৰ্থে প্ৰাণাহুতি দিয়া চুতীয়া জনগোষ্ঠীৰ মহাৰাণী আই সাধনীৰ স্মৃতি দিৱস আজি তিতাবৰ মহকুমাৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজন কৰে। লকডাউন আৰু প্ৰতিকুল বতৰৰ মাজতো তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ লগতে ইয়াৰ অন্তৰ্গত আঞ্চলিক আৰু শাখা সমিতিসমূহে ঠায়ে ঠায়ে প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা মানি চলিয়েই বীৰাংগনা সাধনীৰ স্মৃতি দিৱস পালন কৰে। একেদৰে ডিব্ৰুগড়, মৰাণ, লাহদৈগড় আদিতো সতী সাধনী দিৱস পালন কৰা বাতৰি পোৱা গৈছে।