কোৰোণামুক্ত হ’ল মণিপুৰ

কোৰোণামুক্ত হ’ল মণিপুৰ
কোৰোণামুক্ত হ’ল মণিপুৰ

অৰুণাচল প্ৰদেশৰ পিছত এইবাৰ কোৰোণামুক্ত হ’ল মণিপুৰ। মণিপুৰ দ্বিতীয়জন  কভিড-১৯ পজিটিভ ৰোগীৰো টেষ্টৰ ৰিপ’ৰ্ট আহিল নিগেটিভ। ইম্ফলৰ RIMS হাস্পতালত চিকিৎসাধীন হৈ আছিল এই লোকজন। বৰ্তমান মণিপুৰত কোৰোণা আক্ৰান্ত লোক নাই। ইয়াৰ পূৰ্বে আনজন আক্ৰান্তৰ ৰিপ’ৰ্ট আহিছিল নিগেটিভ।
উল্লেখযোগ্য যে মাৰাত্মক কোৰোণা ভাইৰাছৰ পৰা বৰ্তমান মুক্ত অৰুণাচল প্ৰদেশো। অৰুণাচল প্ৰদেশত এজন লোকৰ দেহত ধৰা পৰিছিল এই ভাইৰাছ। কিন্তু শেহতীয়াকৈ উক্ত লোকজনৰ পৰীক্ষাৰ ফলাফল আহিছিল নিগেটিভ। একমাত্ৰ আক্ৰান্ত লোকজনৰ পৰীক্ষাৰ ফলাফল নিগেটিভ অহাৰ পিছতে কোৰোণামুক্ত হৈ পৰে ৰাজ্যখন।