প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ ⦂

প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ ⦂
Aiidesh Photo
প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ ⦂
প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা ৫ দিনীয়াকৈ আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা - ২০২৫ ⦂

Aiidesh News ⦂ 22 March - 2025 ⦂ 

আজিৰে পৰা বোকাখাতত আৰম্ভ হৈছে বোকাখাত গ্ৰন্থমেলা ২০২৫ ৷ বোকাখাতৰ প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত পাঁচদিনীয়াকৈ বোকাখাত নাট্যমন্দিৰত এই গ্ৰন্থমেলা অনুষ্ঠিত হ’ব ৷ বোকাখাতৰ প্ৰায় প্ৰতিখন বিদ্যালয়-মহাবিদ্যালয়ৰ পোনপটীয়া অংশগ্ৰহণৰ সমান্তৰালকৈ প্ৰায় প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠান-ৰাইজে সহযোগিতা আগবঢ়াইছে এই গ্ৰন্থ মেলাত ৷ বোকাখাতৰ সামাজিক, সাংস্কৃতিক আৰু বৌদ্ধিক চৰ্চাৰ অনুষ্ঠান 'প্ৰয়াস অধ্যয়ন চক্ৰ'ৰ উদ্যোগত আজিৰে পৰা ২৬ মাৰ্চলৈ ৫ দিনীয়া কাৰ্যসূচীৰে বোকাখাত নাট্য মন্দিৰ  প্ৰাংগনত অনুষ্ঠিত হ'ব 'বোকাখাত গ্ৰন্থমেলা -২০২৫' ৷ 

গ্ৰন্থ মেলাৰ আজি পুৱা স্মৃতি তর্পণৰ পিচতেই পতাকা উত্তোলন কৰে বোকাখাত গ্ৰন্থমেলা ২০২৫ ৰ আয়োজক সমিতিৰ সভাপতি কবি দিলীপ ফুকনে ৷ ইয়াৰ পিচতেই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি গ্ৰন্থমেলাৰ বাকৰিৰ পৰা উলিওৱা বৰ্নাঢ্য শোভাযাত্ৰা মুকলি কৰে বোকাখাত চি এন বি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শৰৎ দত্তই ৷ গ্ৰন্থ শোভাযাত্ৰাত স্থানীয় বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহন কৰে ৷ পৰ্ৰৱৰ্তী সময়ত বোকাখাত গ্ৰন্থমেলাৰ দ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট কবি সাহিত্য অকাডেমী বঁটা প্ৰাপক সমীৰ তাঁতীয়ে ৷ লগে লগেই প্ৰয়াত চিত্ৰ শিল্পী পদুমী গাজলু আৰু অৰুণ গগৈ স্মাৰক চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বিশিষ্ট চিত্ৰ শিল্পী আৰু কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীয়ে ৷ গ্ৰন্থমেলাৰ থলীতেই ড০ ৰবীন বেনাৰ্জী আৰু অমুল্য মান্নাৰ সোঁৰণত আয়োজন কৰা ফটোগ্ৰাফীৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে ফটোগ্ৰাফাৰ বিদ্যাসাগৰ বৰুৱাই ৷ প্ৰয়াত অন্নদা শইকীয়া আৰু থানেশ্বৰ হাজৰিকা সোঁৱৰণী প্ৰাচীৰ পত্ৰিকাৰ প্ৰদৰ্শনী মুকলি কৰে বিশিষ্ট চিত্ৰ শিল্পী ভৱকান্ত হাজৰিকাই ৷

বিয়লিলৈ চিদানন্দ শইকীয়া আৰু জেহিৰুল হুছেইন সোঁৱৰণত আয়োজিত প্রগতিশীল সাহিত্য সন্মিলন আনুষ্ঠানিক ভাৱে অনলাইন ব্যৱস্থাৰে উদ্বোধন কৰে বিশিষ্ট সাহিত্যিক ড০ হীৰেন গোঁহায়ে ৷ এই সন্মিলনত অৰূপা পটঙ্গীয়া কলিতা, হেম ফুকন, সপোন জ্যোতি ঠাকুৰ, দিলীপ ফুকন, ভ০ ৰুবী বৰা আদিয়ে অংশগ্ৰহন কৰে ৷ এই অনুষ্ঠানৰ পিচতেই গ্ৰন্থমেলাৰ বাকৰিৰ মঞ্চতে আয়োজিত কবিত আবৃত্তি আৰু লোগীতৰ অনুষ্ঠানতে প্ৰয়াস অধ্যয়ন চক্ৰৰ উদ্যোগত প্ৰয়াত কবি চিত্ৰকৰ, চলচিত্ৰ নিৰ্মাতা পুলিন পুতুল স্মাৰক বঁটা মনিকংকনাক বৰবৰা আৰু কবি নীলিম কুমাৰক প্ৰদান কৰে চিত্ৰ শিল্পী চম্বক বৰবৰা আৰু বিশিষ্টি লেখিকা অৰূপা পটঙ্গীয়া কলিতাই ৷ অনুষ্ঠানতে সত্তৰৰ গোলাঘাট শীৰ্ষক সাহিত্য সংকলন উন্মোচন কৰে সাহিত্য অকাডেমী বঁটা বিজয়ী কবি সমীৰ তাঁতীয়ে ৷ অনুষ্ঠানৰ মাজতে পলাশ লইংৰ পৰিচালনাৰে ছফদৰ হছমীৰ চোতালৰ নাট নদীয়াল চিঞৰো প্ৰদৰ্শন কৰা হয় ৷ পৰৱৰ্তী সময়ত বিভিন্ন সাহিত্যানুষ্ঠানৰ পৰিচালনাত বোকাখাতৰ সাহিত্যৰ আড্ডা শীৰ্ষক অনুষ্ঠানো অনুষ্ঠিত হয় ৷ কবি চেনীৰাম গগৈয়ে উন্মোচন কৰা এই আড্ডাত  আলোচক হিচাবে অংশগ্ৰহণ কৰে ক্ৰমে সাহিত্য একাডেমী বঁটা প্ৰাপক সমীৰ তাঁতী, কবি দিলীপ ফুকন, নিৰ্দিষ্ট বক্তা পবিত্ৰ বৰবৰা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সূৱৰ্ণ শইকীয়া বৰদলৈ, কবি অজিৎ গগৈ, গোলাঘাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মুহিৰাম লয়িং, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, ড° বাবুলাল মোৰ, মনোৰঞ্জন সেন আদিৰ লগতে তিনিওটা আহ্বায়ক সংগঠনৰ সভাপতি সকলে । অনুষ্ঠানতে ড° ৰুবী বৰা আৰু কবি উষাজোন ফুকনৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰে ক্ৰমে ড° বাবুলাল মোৰ আৰু সমীৰ তাঁতীয়ে । সমান্তৰালকৈ প্ৰয়াস কাব্য কানন আবৃত্তি বিদ্যালয়ৰ পৰিচালনাত আৰু ড° গায়ত্ৰী বৰা কাকতিৰ তত্বাৱধানত আবৃত্তি গুৰু গোলাপ চন্দ্ৰ বৰা আৰু কবি মৃদুল বৰুৱা সোঁৱৰণী কবিতা আবৃত্তি অনুষ্ঠিত হয় । সন্ধিয়ালৈ শিল্পী আইদেউ সন্দিকৈ আৰু মোহিনী ৰাজকুমাৰীৰ সোঁৱৰণত ৰফিকুল হোছেইনৰ পৰিকল্পনা, পৰিচালনাৰে 'তদন্ত' নামৰ নাট মঞ্চস্থ কৰা হয় ৷ 

উল্লেখ্য যে উঠি অহা প্ৰজন্মৰ বৌদ্ধিক উৎকৰ্ষ সাধনৰ লক্ষ্য সন্মুখত ৰাখি অনুষ্ঠিত কৰিবলৈ লোৱা বোকাখাত গ্ৰন্থমেলা-২০২৫ ৰ বিশিষ্ট সংগীত শিল্পী, গায়ক নয়ন অসম কলীয়াবৰীয়াই গোৱা বোকাখাত গ্ৰন্থমেলাৰ শীৰ্ষ গীত 'গ্ৰন্থ' ইতিমধ্যেই বোকাখাতত মুকলিও কৰা হৈছে ৷ ইফালে বোকাখাত গ্ৰন্থমেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা বিভিন্ন গ্ৰন্থ বিপনি আৰু প্ৰকাশন গোষ্ঠীয়ে অংশ গ্ৰহন কৰিছে ৷

***********